কাইলৈ বিশ্বকৰ্মা পূজা...

By

Published : Sep 16, 2021, 11:20 AM IST

thumbnail

তুংগত উঠিছে বিশ্বকৰ্মা পূজাৰ প্ৰস্তুতি ৷ মৃৎ শিল্পীসকলেও মৃণ্ময় মূৰ্তি সমূহত শেষ পৰশ দিয়াত ব্যস্ত ৷ ক’ভিড পৰিস্থিতিৰ বাবে বিগত প্ৰায় এটা বছৰ ধৰি বন্ধ হৈ আছিল আনুষ্ঠানিকভাৱে উদযাপন কৰা সকলো ধৰ্মীয় উৎসৱ-পাৰ্বণ ৷ বহু লোকচানৰ সম্মুখীন হৈছিল মৃৎ শিল্পীসকল । কিন্তু চলিত বৰ্ষত ৰাজ্য চৰকাৰে ধৰ্মীয় উৎসৱ উদযাপন কৰাৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰিছে ৷ যাৰ বাবে উৎফুল্লিত হৈ পৰিছে মৃৎ শিল্পীসকল ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিল্পীসকলৰ লগতে বজালী জিলাৰ পাঠশালাৰ মাজমজিয়াত থকা মা মনসা শিল্পালয়ৰ শিল্পীসকল ব্যস্ত হৈ পৰিছে মূৰ্তিত শেষ পৰশ বুলোৱাত ৷ প্ৰায় ৫০ তাতকৈ অধিক বিশ্বকৰ্মাৰ মূৰ্তিৰ অৰ্ডাৰ লাভ কৰিছে এই শিল্প প্ৰতিষ্ঠানখনে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.