আজি ৰিঙত নামিব লাভলীনা : সফলতা কামনা ৰাইজৰ

By

Published : Jul 27, 2021, 6:27 AM IST

thumbnail

টকিঅ’ অলিম্পিকত (Tokyo Olympic) অংশগ্ৰহণ কৰা অসমৰ প্ৰথমগৰাকী মহিলা বক্সাৰ লাভলীনা বৰগোঁহাই (Lovlina Borgohain) ৰ সফলতা কামনাৰে গোলাঘাটতৰ বৰপথাৰত সোমবাৰে নিশা অনুষ্ঠিত কৰা হয় বন্তি প্ৰজ্বলন তথা প্ৰাৰ্থনা সভাৰ । বৰপথাৰৰ জীয়ৰী লাভলীনাৰ এই অলিম্পিক যাত্ৰাত সফলতা কামনাৰে বৰপথাৰ কালি মন্দিৰত কালি মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত ৩০১ গছি বন্তি প্ৰজ্বলনৰে প্ৰাৰ্থনা জনোৱা হয় । ইতিমধ্যে বক্সিঙৰ প্ৰথম ৰাউণ্ডৰ খেলত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে অসম কন্যা লাভলীনা বৰগোঁহাইয়ে । প্ৰি-কোৱাৰ্টাৰ ফাইনেলত লাভলীনাৰ বিপৰীতে ৰিঙত অৱতীৰ্ণ হ’ব জাৰ্মানীৰ বক্সাৰ নাদীন এপেজ । 27 জুলাইত অৰ্থাৎ মঙলবাৰে প্ৰি-কোৱাৰ্টাৰ ফাইনেলত ৰিঙত নামিব অসম কন্যা লাভলীনা ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.