গুণ্ডাৰাজঃ অসম আৰক্ষীৰ বাবেই লোকচান হাজাৰ কোটিৰ বিদেশী বিনিয়োগ

By

Published : May 29, 2019, 7:26 PM IST

thumbnail

ধুবুৰীৰ সোনাহাটস্থিত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰক এতিয়া সোনৰ কনী পৰা হাঁহ বুলি লৈছে অসম আৰক্ষীয়ে ৷ 2014 চনত আৰম্ভ হোৱা এইটো বাণিজ্য কেন্দ্ৰৰ ফলতেই ভাৰত তথা অসম চৰকাৰে লাভ কৰিছিল হাজাৰ কোটি টকাৰ বিদেশী বিনিয়োগ ৷ বিগত ছয়টা বছৰে বহুসংখ্যক নিবনুৱা যুৱকক সংস্থাপন দিয়া কেন্দ্ৰটোৰ পৰা চৰকাৰে লাভ কৰিছিল 20 হাজাৰ কোটিৰ বিদেশী বিনিয়োগ মুল্য ৷ কিন্তু শেহতীয়াকৈ অসম আৰক্ষীৰ ঘোচখোৰ স্বভাৱৰ বাবে বন্ধ হোৱাৰ উপক্ৰম হৈছে কেন্দ্ৰটো ৷ ২০১৫-২০ শুল্ক আইন ভংগ কৰি এতিয়া অঞ্চলটোত অসম আৰক্ষীয়ে সংগ্ৰহ কৰি আহিছে অবৈধ কৰ, যাৰ ফলত বন্ধ হৈ পৰিছে কেন্দ্ৰটোৰ ব্যৱসায় ৷ স্থানীয় জিলা প্ৰশাসনক এই বিষয়ে সংশ্লিষ্ট বাণিজ্য বিভাগ আৰু শুল্ক বিভাগে লিখিত অভিযোগ দিয়াৰ পিচটো আজিলৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে জিলা উপায়ুক্তই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.