পাভ সংৰক্ষিত বনাঞ্চল বেদখলমুক্ত কৰাৰ দাবীৰে লখিমপুৰত অৰ্ধ উলংগ প্ৰতিবাদ

By

Published : Oct 6, 2021, 6:26 PM IST

thumbnail

পাভ সংৰক্ষিত বনাঞ্চল বেদখলমুক্ত কৰাৰ দাবী জনাই লখিমপুৰত অসমীয়া যুৱ মঞ্চৰ অৰ্ধ উলংগ প্ৰতিবাদ ৷ নগৰৰ মাজত অৰ্ধউলংগ প্ৰতিবাদ সাব্যস্ত কৰি অসমীয়া যুৱ মঞ্চৰ লখিমপুৰ জিলা সমিতিয়ে চৰকাৰক বনাঞ্চলখন বেদখলমুক্ত কৰাৰ দাবী জনায় ৷ পাভ সংৰক্ষিত বনাঞ্চলৰ অবৈধ বেদখলকাৰীক উচ্ছেদ কৰাৰ দাবী জনোৱাৰ লগতে গছ ৰুই পুনৰ বনাঞ্চলখন সেউজীয়া কৰাৰ বাবে যুৱ মঞ্চই এই কাৰ্যসূচী গ্ৰহণ কৰে ৷ প্ৰয়োজনত নিজেই বেদখলকাৰীৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু বুলিও প্ৰতিবাদকাৰীসকলে সকিয়নী দিয়ে ৷ এমাহৰ ভিতৰত বনাঞ্চলখন বেদখলমুক্ত কৰাৰ বাবে প্ৰতিবাদকাৰীসকলে চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে ৷ শীঘ্ৰে বনাঞ্চলৰ ভূমিত নিৰ্মাণ কৰা বাসগৃহসমূহ ভাঙি চৰকাৰী ভূমি মুকলি নকৰিলে প্ৰতিবাদ অধিক তীব্ৰতৰ কৰি তোলা হ'ব বুলিও প্ৰতিবাদকাৰীসকলে হুংকাৰ দিয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.