সংকটজনক অৱস্থাত ICUত চিকিৎসাধীন শিল্পী অপূৰ্ব বেজবৰুৱা

By

Published : Feb 8, 2022, 7:49 PM IST

thumbnail

ৰাজ্য সাংস্কৃতিক জগতৰ বাবে দুঃখবৰ । গুৰুত্বভাৱে অসুস্থ বিশিষ্ট শিল্পী অপূৰ্ব বেজবৰুৱা । ব্ৰেইন ষ্ট'কত আক্ৰান্ত হোৱাৰ বাবে মঙলবাৰে শিল্পী গৰাকীক অতি সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হয় গণেশগুৰিস্থিত দিছপুৰ পলিক্লিনিকত । শিল্পীগৰাকীৰ কন্যাই জানিবলৈ দিয়া মতে, আই চি ইউত ভেন্টিলেচনত ৰখা হৈছে শিল্পী অপূৰ্ব বেজবৰুৱাক । চিকিৎসকে উল্লেখ কৰা অনুসৰি, অতি সংকটজনক অৱস্থাত আছে শিল্পীগৰাকী ৷ জানিব পৰা মতে, বৰ্তমান চিকিৎসালয়খনৰ জ্যেষ্ঠ চিকিৎসকৰ নিৰীক্ষণত আছে জ্যেষ্ঠ শিল্পী গৰাকী । ইফালে শিল্পী গৰাকী অসুস্থতাৰ বাতৰি বিয়পি পৰা লগে লগেই গুণমুগ্ধ সকলে শিল্পীগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.