চৰকাৰে আজিও পৰ্যন্ত ফেৰী দিব নোৱাৰিলে মাজুলীত : অৰ্পূব ভট্টাচার্য

By

Published : Sep 24, 2021, 6:40 PM IST

thumbnail

মাজুলীত কংগ্ৰেছৰ ৰাজ্যিক সম্পাদক অৰ্পূব ভট্টাচার্যৰ সংবাদমেল সম্বোধন । সংবাদ মেলত বিজেপি দল তথা চৰকাৰক মাজুলী ফেৰী দুৰ্ঘটনা আৰু দলংক লৈ ক্ষুৰধাৰ সমালোচনা কৰে কংগ্ৰেছৰ ৰাজ্যিক সম্পাদক গৰাকীয়ে । তেওঁ কয় মাজুলীত চলি থকা প্ৰথম চিণ্ডিকেট টোৱেই হৈছে ফেৰী ঘাটৰ চিণ্ডকেট । প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ বাওঁহাত আৰু সোঁহাতে চলোৱা চিণ্ডকেটৰ বাবেই আজি মাজুলীৰ সাধাৰণ ৰাইজ দুৰ্ভোগ ভুগিব লগা হৈছে বুলি কয় অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই । তেওঁ লগতে কয়, মাজুলী বাসীয়ে এতিয়া যোৰহাট যাবলৈ ৮ বজাৰ ফেৰীৰ বাবে পুৱা ৩ বজাতে গৈ ফেৰী ঘাটত শাৰী পাতিব লাগে । দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পৰা বিগত ১৬ দিনতো স্বাভাৱিক নহ’ল ফেৰী সেৱা । চৰকাৰে দিব নোৱাৰিলে যাত্ৰী অনুপাতে ফেৰী । আনহাতে দলংক লৈ চৰকাৰখনে বহুৱালি কৰিছে বুলি কৈ মাজুলীত এটা মিক্সাৰ কন্টেনাৰৰ ৰাজনীতি আৰম্ভ হৈছে বুলি কয় । একেটা মিক্সাৰ কন্টেনাৰ নিৰ্বাচনৰ পাছত লৈ গ’ল আকৌ এতিয়া আনিছে । ইফালে তেওঁ কয়, আহি থকা উপ-নিৰ্বাচনৰ বাবে মাজুলীত কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিবৰ বাবে কংগ্ৰেছ দলৰ লগতে বিভিন্ন স্তৰৰ ১০ গৰাকী ব্যক্তিৰ নাম ওলাইছে বুলিও কয় কংগ্ৰেছৰ নেতা গৰাকীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.