বৰপেটাত বিদ্যুৎ চুৰি কৰা লোকৰ ঘৰৰ সামগ্ৰী জব্দ কৰিলে শক্তি বিভাগে

By

Published : Sep 22, 2021, 5:42 PM IST

thumbnail

আপোনাৰো বাৰু বিদ্যুৎ চুৰি কৰি ব্যৱহাৰ কৰাৰ বদ অভ্যাস আছে নেকি । সাৱধান ! আপোনাৰ ঘৰৰ পৰা ৰেফ্ৰিজাৰেটৰ, পানীৰ মটৰ, ফেন আদি জব্দ কৰিব শক্তি বিভাগৰ কৰ্মচাৰীয়ে । মঙলবাৰে বৰপেটাৰোড বিদ্যুৎ উপ-সংমণ্ডলৰ অধীনৰ কেইবাটাও অঞ্চলত অবৈধভাৱে বিদ্যুৎ সংযোগ কৰা লোকৰ বিৰুদ্ধে অভিযান চলায় শক্তি বিভাগৰ কৰ্মচাৰীয়ে । বৰপেটাৰোড বিদ্যুৎ উপ-সংমণ্ডল কাৰ্যালয়ৰ নৃপেন নাথ আৰু প্ৰাঞ্জল দাসৰ নেতৃত্বত যোৱা অভিযানকাৰী দলে উত্তৰ বৰপেটাৰোড, খৈৰাবাৰী, গোবৰ্ধনা, কালঝাৰ আদিত অভিযান চলায় । বিদ্যুতৰ মাচুল আদায় নিদিয়া আৰু চোৰাংকৈ বিদ্যুৎ সংযোগ কৰা লোকৰ ঘৰৰ পৰা ৰেফ্ৰিজাৰেটৰ, পানীৰ মটৰ, ফেন, ৰাইছ কুকাৰ আদি জব্দ কৰে অভিযানকাৰী দলটোৱে । শক্তি বিভাগৰ কৰ্মচাৰীয়ে জনোৱা মতে, ৬৫ হাজাৰৰো অধিক ধন পৰিশোধ কৰিবলৈ বাকী আছে একাংশ গ্ৰাহকৰ । অভিযান কালত পোহৰলৈ আহিছে যে, ২১ গৰাকী গ্ৰাহকে বিদ্যুতৰ বিল পৰিশোধ নকৰাকৈ অবৈধভাৱে বিদ্যুৎ সংযোগ কৰিছে । গ্ৰাহকৰ এনে কাৰ্যৰ বাবে শক্তি বিভাগে বৃহৎ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে । সেয়ে, বিদ্যুতৰ মাচুল শীঘ্ৰে পৰিশোধ কৰিবলৈ ৰাইজক শক্তি বিভাগৰ কৰ্মচাৰীয়ে আহ্বান জনাইছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.