গঁড়ৰ খৰ্গ জ্বলাই দিলে দুই নম্বৰীৰ chance থাকি যাব : অখিল গগৈ

By

Published : Sep 20, 2021, 8:37 PM IST

thumbnail

অসম আৰক্ষীয়ে কিছুদিন পূৰ্বে জব্দ কৰা শ শ কিলো ড্ৰাগছ ৰাজহুৱাকৈ জ্বলাই দিয়াৰ দৃশ্য হয়তো আপোনাৰ মনত আছে। এই কাৰ্যৰ প্ৰতি দল সংগঠন নিৰ্বিশেষে আগবঢ়াইছিল সমৰ্থন। কিন্তু এইবাৰ দীৰ্ঘদিনৰে পৰা চোৰাং চিকাৰীৰ পৰা জব্দ তথা উদ্ধাৰ কৰি জমা কৰি থোৱা গঁড়ৰ খৰ্গ সমূহ ৰাজহুৱাকৈ জ্বলাই দিয়াৰ প্ৰস্তুতি চলাইছে ৰাজ্য চৰকাৰে । অহা ২২ ছেপ্টেম্বৰত ২,৪৭৯ টা গঁড়ৰ খৰ্গ দাহ কৰিব বোকাখাটৰ ৰাজহুৱা খেলপথাৰত । পিছে এনে সিদ্ধান্তৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ । সোমবাৰে শিৱসাগৰত সংবাদ মাধ্যমৰ আগত অসম চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে অখিল গগৈয়ে । গঁড়ৰ খৰ্গ জ্বলাই দিয়াৰ পৰিৱৰ্তে সকলো খৰ্গ সংৰক্ষণ কৰি পৰ্যটকে চাব পৰাৰ ব্যৱস্থা কৰাৰহে পোষকতা কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক গৰাকীয়ে । খৰ্গ দাহ কৰা কাৰ্যই প্ৰকৃতি প্ৰেমী সকলৰ মনত আঘাত কৰাৰ উপৰিও গড়ঁৰ খৰ্গক লৈ দুৰ্নীতি কৰাৰ এটা সুবিধা থাকি যাব বুলি অখিল গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । চোৰাং চিকাৰীৰ বিৰুদ্ধে থকা প্ৰমাণ নষ্ট কৰাৰ কৌশল নেকি বুলিও সন্দেহ প্ৰকাশ কৰিছে তেওঁ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.