চৰাইদেউৰ সোণাৰিত নদীবান্ধৰ বিৰুদ্ধে AJYCP ৰ প্ৰতিবাদ

By

Published : Sep 24, 2021, 4:19 PM IST

thumbnail

বৃহৎ নদীবান্ধৰ নিৰ্মাণ কাৰ্য বন্ধৰ দাবীত অসমৰ জাতীয় দল-সংগঠনসমূহে প্ৰতিবাদ অব্যাহত ৰাখিছে । চৰাইদেউৰ সোণাৰিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধৰ দাবীত পুনৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য বন্ধৰ লগতে গণতান্ত্ৰিক আন্দোলনক অন্যায় ভাৱে দমন কৰা কাৰ্যক তীব্ৰ বিৰোধিতা কৰি এই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে । অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । কোনো কাৰণতেই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বান্ধ মানি লোৱা নহ'ব বুলি হুংকাৰ দিয়ে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.