হোজাইৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত AIUDFৰ মৌন প্ৰতিবাদ

By

Published : Sep 26, 2021, 6:14 PM IST

thumbnail

দৰং জিলাৰ ধলপুৰৰ গৰুখুটিৰ ঘটনাকলৈ ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ । ৰাজ্যৰ ভিন্ন প্ৰান্তত শনিবাৰৰ দিনটোত এআইইউডিএফ (AIUDF) দলে প্ৰতিবাদ সাব্যস্ত কৰে । হোজাই জিলাতো দলটোৱে মৌন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । হোজাই জিলাৰ শংকৰদেৱ নগৰস্থিত উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদ সাব্যস্ত কৰে দলটোৰ নেতা-কৰ্মীসকলে । হোজাই জিলা এআইইউডিএফৰ সভাপতি হিলাল উদ্দিন আহমেদৰ নেতৃত্বত শতাধিক কৰ্মীয়ে মুখত ক'লা কাপোৰ বান্ধি মৌন প্ৰতিবাদত অংশগ্ৰহণ কৰে । প্ৰশাসনৰ উচ্ছেদক গৰিহণা দিয়াৰ লগতে উচ্ছেদিত পৰিয়ালক পুনৰ সংস্থাপন আৰু চৰকাৰী সাহায্য প্ৰদানৰ দাবী জনায় দলটোৱে । ইফালে ক্ষতিগ্ৰস্ত পৰিয়ালক ক্ষতিপূৰণৰ দাবীত জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ ৰাজ্যপাললৈ এক স্মাৰক পত্ৰও প্ৰেৰণ কৰে দলটোৱে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.