গৰুখুটি কাণ্ডক লৈ উত্তাল চিৰাং জিলাৰ ৰাজপথ

By

Published : Sep 24, 2021, 3:39 PM IST

thumbnail

দৰং জিলাৰ ছিপাঝাৰৰ ধলপুৰৰ ঘটনাকলৈ উত্তাল সমগ্ৰ ৰাজ্য । ঘটনাক গৰিহণা দি ৰাজ্যৰ ভিন্ন প্ৰান্তত দল-সংগঠনসমূহে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে । চিৰাং জিলাত সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাই (ABMSU) ৩১ নং (চি) ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে । ধলপুৰৰ গৰুখুটিত উচ্ছেদৰ নামত নিৰীহ লোকক হত্যা কৰাৰ অভিযোগ সংগঠনটোৰ । ইফালে মৃতদেহৰ ওপৰত জপিয়াই পৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী তোলে সংগঠনটোৱে । অতি শীঘ্ৰে উচ্ছেদ বন্ধ কৰি উচ্ছেদিত সকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনায় সংগঠনটোৱে । আনহাতে ধলপুৰ কাণ্ডক লৈ ঢালিগাঁও বৈখুনগাঁৱত জিলা আমছুৱেও (All Assam Minorities Students' Union) প্ৰতিবাদ সাব্যস্ত কৰে । ৰাষ্ট্ৰীয় ঘাই পথত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে । উচ্ছেদিত পৰিয়ালক অতি শীঘ্ৰে সংস্থাপনৰ দাবী সংগঠনটোৰ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.