বিশ্বনাথ-বেদেতীত আছুৰ উত্তাল প্ৰতিবাদ

By

Published : Sep 30, 2021, 8:13 PM IST

thumbnail

বিশ্বনাথ আৰু বেদেতীত সদৌ অসম ছাত্ৰ সন্থা প্ৰতিবাদ ৷ উল্লেখযোগ্য যে, বিশ্বনাথ চাৰিআলি পৰা গহপুৰলৈকে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটো যোৱা ৫ বছৰ ধৰি টি কে ইঞ্জিনীয়াৰিং নামৰ পথনিৰ্মাণ সংস্থাটোৱে পথটো নিৰ্মাণ কৰাৰ দায়িত্বত আছিল ৷ সম্প্ৰতিপথটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিব নোৱাৰাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটোত প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী সদৃশ গাতৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে । যাৰফলত পথছোৱাত বহু দুৰ্ঘটনা সংঘটিত হৈ বহু জনে প্ৰাণ হেৰুৱা লগা গৈছে । আনহাতে সম্প্ৰতি উপায়ন্তৰ হৈ পথটো পুনৰ নিৰ্মাণ কৰিবলৈ দাবী জনাইছে বিশ্বনাথ জিলা ছাত্ৰ সন্থা, পশ্চিম বিহালী ছাত্ৰ সন্থা আৰু পূৱ বিহালী ছাত্ৰ সন্থাই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.