ছিপাঝাৰৰ গৰুখুটি কাণ্ডৰ বিৰুদ্ধে চামগুৰিত আমছুৰ বিক্ষোভ

By

Published : Sep 24, 2021, 7:32 PM IST

thumbnail

ছিপাঝাৰৰ গৰুখুটি কাণ্ডৰ বিৰুদ্ধে চামগুৰিত আমছুৰ বিক্ষোভ প্ৰদৰ্শন ৷ শুকুৰবাৰে চামগুৰিৰ কনুৱামাৰিত আমছুৰ কলিয়াবৰ জিলা সমিতিৰ উদ্যোগত ৰূপায়ন কৰা হয় এক প্ৰতিবাদী কাৰ্যসূচী ৷ আৰক্ষীৰ বাধাৰ পিছতো প্ৰায় শতাধিক কৰ্মী-সমৰ্থকে দাহ কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি ৷ গৰুখুটি কাণ্ডৰ ন্যায়িক তদন্তৰ দাবী কৰাৰ লগতে শীঘ্ৰেই উচ্ছেদিত লোক সকলক সাহায্য প্ৰদানৰো দাবী বিক্ষোভকাৰীৰ ৷ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে সংখ্যালঘু লোকসকলক টাৰ্গেট কৰাৰ অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰী মুৰ্দাবাদ ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.