লখিমপুৰত আমছুৰ মানৱ শৃংখল

By

Published : Sep 22, 2021, 5:58 PM IST

thumbnail

সমগ্ৰ ৰাজ্যৰ লগতে বুধবাৰে লখিমপুৰতো সদৌ অসম সংখ্যালঘু ছাত্র সন্থাই (আমছু) মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে । জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এই কাৰ্য্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে । বৰ্তমানৰ চৰকাৰৰ দিনত সংখ্যালঘুসকলক বিভিন্ন ধৰণে হাৰাশাস্তি কৰাৰ অভিযোগ তেওঁলোকৰ । লগতে মৌলিক অধিকাৰ খৰ্ব কৰি আগজাননী অবিহনে বিভিন্ন স্থানত উচ্ছেদ চলাইছে বুলি ৰাজ্য চৰকাৰক গৰিহণা আমছুৰ (All Assam Minority Students Union) । সংখ্যালঘুৰ ওপৰত বৰ্তমানৰ চৰকাৰে অমানৱীয়ভাৱে অত্যাচাৰ চলোৱাৰো অভিযোগ আমছুৰ । অতি শীঘ্ৰে উচ্ছেদিতসকলৰ পুনৰ সংস্থাপনৰ ব্যবস্থা নকৰিলে ভয়ংকৰ আন্দোলনৰ হুংকাৰ দিয়ে সংগঠনটোৱে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.