গৰুখুটিৰ উচ্ছেদ : বঙাইগাঁৱৰ বিভিন্ন প্ৰান্তত আমছুৰ প্ৰতিবাদ

By

Published : Sep 25, 2021, 1:01 PM IST

thumbnail

ছিপাঝাৰৰ ধলপুৰত প্ৰশাসনে চলোৱা উচ্ছেদ অভিযানত সৃষ্টি হোৱা অনাকাংক্ষিত পৰিস্থিতিৰ বিৰুদ্ধে শুকুৰবাৰে ৰাজ্যজুৰি আমছুৱে প্ৰতিবাদ সাব্যস্ত কৰে ৷ উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপনৰ দাবীত বঙাইগাঁও জিলাৰ মাণিকপুৰ, লেংটিছিঙা আৰু অভয়াপুৰীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে আমছুৰ কেইবাখনো আঞ্চলিক সমিতিয়ে ৷ শীঘ্ৰে উচ্ছেদিত লোকসকলৰ সংস্থাপনৰ ব্যৱস্থা নকৰিলে পৰৱৰ্তী সময়ত ৰাজ্যজুৰি জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে দক্ষিণ বিজনী আঞ্চলিক সমিতিৰ সভাপতি আনচেৰ আহমেদে ৷ ইয়াৰ উপৰিও সংঘৰ্ষত নিহত দুয়োগৰাকী লোকৰ পৰিয়ালক চৰকাৰৰ তৰফৰ পৰা 50 লাখ টকাৰ আৰ্থিক সাহায্য আৰু আহতসকলক 10 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিবলৈও দাবী জনায় সংগঠনটোৱে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.