সংখ্যালঘু সম্প্ৰদায়ৰ যুৱকে পলুৱাই নিলে এগৰাকী হিন্দু যুৱতী: উত্তপ্ত পৰিস্থিতি

By

Published : Oct 9, 2021, 10:30 PM IST

thumbnail

বাসুগাঁও নিবাসী ছফিউল আনছাৰীয়ে ভালপোৱাৰ চালনাৰে পলুৱাই নিলে এগৰাকী হিন্দু যুৱতীক । ইপিনে পৰিয়ালৰ লোকে জানিবলৈ দিয়ে মতে, পুৱা যুৱতী গৰাকী ঘৰৰ পৰা প্ৰাতঃ ভ্ৰমণলৈ ওলাই যায় যদিও বহু সময় লৈকে ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকসকল চিন্তি হৈ পৰে । বহু বিচাৰ খোচাৰ কৰাৰ পিছত পৰিয়ালৰ লোকে যুৱতী গৰাকীক বিচাৰি নোপোৱাত অৱশেষত বাসুগাঁও আৰক্ষী থানাত নিৰুদ্দেশ হোৱা বুলি এখন এজাহাৰ দাখিল কৰে । তাৰ পাছতে দল সংগঠনৰ তৎপৰতা আৰু বাসুগাঁও আৰক্ষীৰ অনুসন্ধানত অৱশেষত ছফিউল আনছাৰী আৰু যুৱতী গৰাকী চাপৰ আৰক্ষী থানাত আহি আত্মসমৰ্পণ কৰে । আনহাতে বাসুগাঁও আৰক্ষীৰ এটা দল চাপৰ আৰক্ষী থানাত উপস্থিত হৈ ছফিউল আনছাৰী আৰু যুৱতী গৰাকীক চাপৰ প্ৰাথমিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰাৰ পাছতে দুয়োকে আটক কৰি বাসুগাঁও থানালৈ যায় । সম্প্ৰতি স্থানীয় ৰাইজে সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.