নাগালেণ্ডত উদ্ধাৰ সন্দেহজনক নগা দুৰ্বৃত্তই লুটি নিয়া অসমৰ ম’হ

By

Published : Nov 9, 2021, 10:03 AM IST

thumbnail

চৰাইদেউ আৰক্ষী(Charaideo Police)ৰ বৃহৎ সাফল্য ৷ অসমৰ পৰা সন্দেহজনক নগা দুৰ্বৃত্ত(Naga Miscreant)ই লুটি নিয়া ম’হ(Buffalo) উদ্ধাৰ হৈছে নাগালেণ্ডত ৷ নাগালেণ্ডৰ মন জিলাৰ লাপা লমপুঙত উদ্ধাৰ হৈছে 8 টাকৈ ম’হ । নাগালেণ্ড আৰক্ষী(Nagaland Police)ৰ সহযোগত চৰাইদেউ আৰক্ষীয়ে উদ্ধাৰ কৰে ম’হকেইটা । শনিবাৰে অভয়পুৰ সংৰক্ষিত বনাঞ্চল(Abhaypur Reserve Forest)ৰ পৰা দুৰ্বৃত্তই লুটি নিছিল ম’হকেইটা ৷ বিগত কেইবাদিন ধৰি চৰাইদেউ জিলাৰ বিভিন্ন ঠাইত নগা দুষ্কৃতিকাৰীয়ে একপ্ৰকাৰ সন্ত্ৰাস চলাই সীমান্তৰ গৰু-ম’হৰ লগতে বিভিন্ন সামগ্ৰী কাঢ়ি নিয়া পৰিলক্ষিত হৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.