Republic Day 2022: বাক্সাৰ মুছলপুৰত ৭৩ সংখ্যক গণৰাজ্য দিৱস পালন

By

Published : Jan 26, 2022, 6:13 PM IST

thumbnail

সমগ্ৰ দেশে আজি ৭৩ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰিছে (India Celebrates 73rd Republic Day) ৷ অসমৰ প্ৰতিখন জিলাতো উদযাপন কৰা হৈছে গণৰাজ্য দিৱসৰ ৷ বাক্সা জিলাৰ মুছলপুৰতো আজি গণৰাজ্য দিৱস উদযাপন কৰা হয় (Republic day celebration at Mushalpur in Baksa) । বাক্সা জিলাৰ ক্ৰীড়া প্ৰকল্পৰ খেলপথাৰত অনুষ্ঠিত কৰা হয় গণৰাজ্য দিৱসৰ কাৰ্যসূচী ৷ কাৰ্যসূচী অনুসৰি বাক্সা জিলাৰ উপায়ুক্ত আয়ুস গাৰ্গে উত্তোলন কৰে ৰাষ্ট্ৰীয় পতাকা । বিগত সময়ছোৱাত ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা ফলপ্ৰসু আঁচনি সমূহৰ বিষয়ে জনসাধাৰণক অৱগত কৰি তেখেতে ভাষণ প্ৰদান কৰে । বাক্সা জিলাত হোৱা উন্নয়ণমূলক কামৰ লগতে বিভিন্ন চৰকাৰী বিভাগৰ সফলতাৰ বিষয়েও এক খতিয়ান দাঙি ধৰে তেওঁ । ভাষণৰ পিছতে অসম আৰক্ষীৰ জোৱানসকলে প্ৰদৰ্শণ কৰা অভিবাদন গ্ৰহণ কৰে উপায়ুক্ত গৰাকীয়ে । উল্লেখ্য যে, ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰক্ষিতত এইবাৰৰ গণৰাজ্য দিৱসত পেৰেডত অংশগ্ৰহণৰ পৰা বিৰত থাকে স্কুলীয়া ছাত্ৰ-ছাত্ৰী (Republic day celebration amidst covid) ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.