শিৱসাগৰত আটক 5 টা মাটিৰ দালাল

By

Published : Sep 21, 2021, 4:37 PM IST

thumbnail

দালাল চক্ৰৰ বিৰুদ্ধে সৰব হৈছে অসম আৰক্ষী ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰতো মাটিৰ দালালৰ বিৰুদ্ধে আৰক্ষীয়ে চলাইছে অভিযান । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কিছুদিন পূৰ্বে ৰাজ্যৰ ৰাজহ বিভাগত চলি থকা দালাল ৰাজ উৎখাত কৰা হ'ব বুলি ঘোষণা কৰিছিল ৷ এই ঘোষণাৰ পিছতে সোমবাৰে নিশাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত দালাল চক্ৰৰ বিৰুদ্ধে চলাই অভিযান । সোমবাৰে নিশাৰে পৰা শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলা অভিযানত শিৱসাগৰ জিলাটো বিভিন্ন প্ৰান্তৰ পৰা পাঁচটা দালালক আটক কৰিবলৈ সক্ষম হয় শিৱসাগৰ আৰক্ষীয়ে । প্ৰাপ্ত তথ্য অনুসৰি, শিৱসাগৰ দৰিকাপাৰৰ সমীপৰ নামতিয়াল পথাৰৰ পৰা প্ৰবীণ বুঢ়াগোহাঁই, আমগুৰি হিলৈধাৰীৰ তপন বৰুৱা, ধাই আলিৰ মঞ্জুলুৰ হুছেইন, বুবুল আহমেদ, মৰনৈ কিনাৰৰ ৰকিব আলিক আটক কৰি সোধা পোছা অব্যাতহত ৰাখিছে আৰক্ষীয়ে । অৱশ্যে এই সন্দৰ্ভত বৰ্তমানলৈকে শিৱসাগৰ আৰক্ষীয়ে সংবাদ মাধ্যমত আগত কোনো ভাষ্য প্ৰদান কৰা নাই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.