কাছাৰৰ তোপখনাত পানী টেংকি চাফা কৰিবলৈ গৈ 3 শ্ৰমিকৰ মৃত্যু

By

Published : Sep 10, 2021, 9:13 PM IST

thumbnail

কাছাৰৰ তোপখনা এলেকাত সংঘটিত হৈছে এক শোকাৱহ ঘটনা ৷ শুকুৰবাৰে দিনৰ ভাগত এটা পানী টেংকিৰ ভিতৰত প্ৰবেশ কৰি কাম কৰি থকাৰ সময়ত বিষাক্ত গেছৰ বাবে মৃত্যু হয় 3 জনকৈ শ্ৰমিকৰ ৷ এই ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে ৷ প্ৰাপ্ত খবৰ মতে পানী টেংকিটোৰ ভিতৰত প্ৰৱেশ কৰাৰ পাছতে বিষাক্ত গেছৰ কৱলত পৰি এজন শ্ৰমিকৰ থিতাতে মৃত্যু হয় আৰু বাকী দুজন গুৰুতৰভাৱে অসুস্থ হৈ পৰে ৷ অসুস্থ দুজনক সংকটজনক অৱস্থাত শিলচৰ মেডিকেল কলেজত প্ৰেৰণ কৰিবলৈ যো-জা চলোৱাৰ সময়তে তেওঁলোক দুজনৰো মৃত্যু ঘটে ৷ মৃত শ্ৰমিক কেইজন ক্ৰমে-পিতা পুত্ৰ সজিম উদ্দিন মজুমদাৰ (43), চামচুল আলম মজুমদাৰ(21) আৰু জাতিঙামুখ এলেকাৰ চেলিম উদ্দিন লস্কৰ বুলি জানিব পৰা গৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.