ক’ত নিৰ্মাণ হৈছে 100 উচ্চতাৰ ৰাৱণৰ প্ৰতিমূৰ্তি ?

By

Published : Oct 8, 2021, 8:10 PM IST

thumbnail

দুৰ্গোৎসৱৰ লগে লগে বিজয়া দশমীত পালন কৰা হ’ব দশেৰা ৷ দশেৰাৰ মূল আকৰ্ষণ হিচাপে উত্তৰ গুৱাহাটী বাৰোৱাৰী দুৰ্গাপূজা সমিতিয়ে প্ৰস্তুত কৰি উলিয়াইছে 100 ফুট উচ্চতাৰ এটা ৰাৱণৰ প্ৰতিমূৰ্তি ৷ দুই এদিনৰ ভিতৰতে সাজু হৈ উঠিব লগীয়া ৰাৱণৰ প্ৰতিমূৰ্তিটো নিৰ্মাণৰ বাবে ব্যয় কৰা হৈছে প্ৰায় ডেৰ লাখ টকা ৷ বৰ্তমান ৰাৱণ নিৰ্মাণত ব্যস্ত হৈ আছে গুৱাহাটীৰ চৰকাৰী চাৰু আৰু কাৰু কলা মহাবিদ্যালয়ৰ এটা যুৱ শিল্পীৰ দল ৷ যুৱ শিল্পীৰ দলটোত আছে লক্ষীমপুৰৰ সূৰ্য শইকীয়া, দৰং জিলাৰ জয়ন্ত ভৰালী, মিৰ্জাৰ অমৰ জ্যোতি দাস, পাৰ্থ জ্যোতি দাস , নুনমাটিৰ ৰূপজ্যোতি ডেকা আৰু উত্তৰ গুৱাহাটীৰ জিতু শেখৰ বৰুৱা ৷ ব্ৰহ্মপুত্ৰৰ পাৰৰ এক মনোৰম প্ৰাকৃতিক পৰিবেশত দশেৰাত সম্পন্ন হ'ৱ ৰাৱণ দাহন কাৰ্যসূচী ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.