জিলা প্ৰশাসনৰ নিৰ্দেশত বিমোৰত পৰিছে অফলামুখ, পাৰঘাটৰ ক্ষুদ্ৰ ব্যৱসায়ী

By

Published : Sep 14, 2021, 10:37 PM IST

Updated : Sep 15, 2021, 6:25 AM IST

thumbnail

যি সময়ত যোৰহাট মাজুলী সংযোগী ফেৰিৰে অহা-যোৱা কৰাৰ বাবে যাত্ৰীয়ে হাৰাশাস্তি ভুগিব লগা হৈছে, সেই একে সময়তে পাৰঘাটৰ ক্ষুদ্ৰ ব্যৱসায়ী সকলেও ভুগিব লগা হৈছে বিভিন্ন সমস্যা । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মানি যোৱা ১১ ছেপ্তেম্বৰৰ পৰা অফলামুখ নিমাতীৰ মাজত চলাচল হ’ল অত্যাধুনিক ৰ'পেক্স জাহাজ । এই ৰ'পেক্স জাহাজ ৰখাবৰ বাবে বেছি ঠাইৰ প্ৰয়োজন হোৱাৰ বাবে জিলা প্ৰশাসনে দোকানী সকলক দোকান সমূহ স্থানান্তৰ কৰিবলৈ আহ্বান জনাইছিল । জিলা প্ৰশাসনৰ কথা মতে দোকানী সকলে দোকান সমূহ স্থানান্তৰ কৰিছিল যদিও মঙলবাৰে জিলা প্ৰশাসনে আকৌ বেলেগ ঠাইলৈ স্থানান্তৰ কৰিবলৈ কোৱাত এক প্ৰকাৰে জাঙুৰ খাই উঠে দোকানী সমূহ । তেওঁলোকে কয় যে, দুদিনতে দুজন বিষয়াই কোৱা কথা তেওঁলোকৰ মানি ল'বলৈ অসুবিধা হয় কিয়নো বহুত কষ্ট কৰি তেওঁলোকে দোকানখন স্থানন্তৰিত কৰি আহিছে ৷

Last Updated : Sep 15, 2021, 6:25 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.