টকিঅ'ত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ অধিৱেশন আৰম্ভ

By

Published : Jul 20, 2021, 5:33 PM IST

thumbnail

মঙলবাৰে জাপানৰ ৰাজধানী টকিঅ'ত আৰম্ভ হ'ল আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ অধিৱেশন । উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰসংগত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ সভাপতি থমাছ বাকে কয় যে, অলিম্পিকৰ মঞ্চ এতিয়া খেলুৱৈসকলৰ বাবে সজাই তোলা হৈছে ৷ যাতে তেওঁলোকে বিশ্বক জিলিকাই তুলি খেলুৱৈসকলক অনুপ্ৰাণিত কৰিব পাৰে । তেওঁ লগতে কয় যে, টকিঅ' অলিম্পিক অনুষ্ঠিত কৰিলে ভৱিষ্যতৰ ওপৰত মানৱ জাতিৰ বিশ্বাস বাঢ়িব । কিয়নো বৰ্তমান সমগ্ৰ বিশ্বই কৰ'ণা ভাইৰাছ মহামাৰীৰ বিৰুদ্ধে যুঁজ দি আছে । আনহাতে, ক'ভিড-১৯ মহামাৰী সৃষ্ট পৰিস্থিতিক লৈ নিজ দেশতে জাপানৰ প্ৰধানমন্ত্ৰী য়োশিহিদে চুগা সমালোচিত হৈছে । তেওঁ কয় যে, অলিম্পিক এক টাৰ্ণিং পইণ্ট হিচাপে চিহ্নিত হ'ব । লগতে দীঘলীয়া সুৰংগৰ পিছত এতিয়া প্ৰস্থানৰ বাট দৃষ্টিগোচৰ হৈছে বুলি মন্তব্য কৰি এবছৰ পাছত অনুষ্ঠিত হ'বলগীয়া অলিম্পিকৰ সংকেত দিয়ে । চুগাই কয় যে, জাপানৰ নাগৰিক আৰু অলিম্পিকৰ বাবে টকিঅ'লৈ অহা বিদেশৰ অতিথিসকলৰ স্বাস্থ্য আৰু সুৰক্ষা সুনিশ্চিত কৰা হ'ব ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.