Citadel ৰ কলা-কুশলীৰ সৈতে স্কুবা ডাইভিং প্ৰিয়ংকা চোপ্ৰাৰ

By

Published : Oct 18, 2021, 12:11 PM IST

thumbnail

স্পেইনত স্কুবা ডাইভিং(Scuba diving)ৰ আনন্দ লৈছে মোহময়ী অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা জোনাছে(Priyanka Chopra Jonas) ৷ স্কুবা ডাইভিং কৰাৰ সময়ৰ ফটো আৰু ভিডিঅ' ইনষ্টাগ্ৰাম পোষ্টযোগে শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে । প্ৰিয়ংকাৰ সৈতে স্কুবা ডাইভিং কৰিলে তেওঁৰ আগন্তুক ৱেব ছিৰিজ 'চিটাদেল'ৰ একাংশ কলা-কুশলীয়ে । সাগৰৰ নীলা পানীৰে মাজৰে আগবাঢ়ি যোৱা দেখা গৈছে অভিনেত্ৰীগৰাকীক । লগতে তেওঁ ইনষ্টাগ্ৰাম পোষ্টত তেওঁ উল্লেখ কৰিছে পানীৰ তলত ভগৱানৰ সুন্দৰ সৃষ্টি দৃশ্যমান হৈ আছে । এই অভিজ্ঞতাক অৱসাদ, মনৰ হতাশা দূৰ কৰাৰ উত্তম উপায় বুলি প্ৰিয়ংকাই অভিহিত কৰিছে । 'চিটাদেল'ৰ কেমেৰাৰ কামৰ সৈতে জড়িত লোকসকলে আয়োজন কৰা পাৰ্টী অংশ লোৱাৰ সুযোগ দিয়াৰ বাবে তেওঁ সকলোকে ধন্যবাদ জ্ঞাপন কৰে । পেনেলোপ, ভিক্টৰ, আলেজান্দ্ৰোৰ লগতে সকলোকে তেওঁ ধন্যবাদ জনায় । এনে যাদুকৰী অভিজ্ঞতা লোৱাৰ সঁচাকৈয়ে প্ৰয়োজন আছিল বুলি অভিনেত্ৰীগৰাকীয়ে উল্লেখ কৰে । উল্লেখ্য যে, প্ৰিয়ংকা বৰ্তমান ৰুচো ব্ৰাডাৰ্ছে নিৰ্মাণ কৰা থ্ৰীলাৰ ৱেব ছিৰিজ 'চিটাদেল'ৰ শ্বুটিংত ব্যস্ত হৈ আছে । অভিনেত্ৰীগৰাকীয়ে ফাৰহান আখতাৰৰ পৰৱৰ্তী ছবি 'জী লে জাৰা'তো অভিনয় কৰিব । 'জী লে জাৰা'ত কেটৰিণা কাঈফ আৰু আলিয়া ভাটকো দেখা পোৱা যাব ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.