গোলাঘাটৰ যোগীবাৰীত যোগ প্ৰশিক্ষণ শিবিৰ
Published: Nov 19, 2023, 7:10 PM
গোলাঘাট, ১৯ নৱেম্বৰ: গোলাঘাটৰ যোগীবাৰীত ঈশান যোগ ৰিচাৰ্ছ ফাউণ্ডেশ্যনৰ উদ্যোগত আজি এখন এদিনীয়া যোগ প্ৰশিক্ষণ অনুষ্ঠিত হয় । এই যোগ প্ৰশিক্ষণত ৪০গৰাকী প্ৰশিক্ষাৰ্থীয়ে যোগ প্ৰশিক্ষণত অংশগ্ৰহণ কৰে । যোগ প্ৰশিক্ষক সঞ্জীৱনী বৰাৰ তত্বাৱধানত গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা এই প্ৰশিক্ষাৰ্থীসকলে প্ৰশিক্ষণ গ্ৰহণ কৰে । শৰীৰ আৰু মন সুস্থ কৰি ৰাখিবলৈ যোগ সাধনাৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোকপাত কৰি প্ৰশিক্ষক সঞ্জীৱনী বৰাই সকলোকে যোগ প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ আহ্বান জনায় ।
গোলাঘাটৰ লগতে অসমৰ বিভিন্ন স্থানত এই ঈশান যোগ ৰিচাৰ্ছ ফাউণ্ডেশ্যন আৰু ভাৰত চৰকাৰৰ আয়ুস মন্ত্ৰণালয়ৰ অধীনত যোগৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে । আজিৰ এই যোগ প্ৰশিক্ষণত প্ৰশিক্ষাৰ্থীসকলক আসন, ধ্যান, প্রাণায়ামৰ সু-শৃংখলিত প্ৰশিক্ষণ প্ৰদান কৰা হয় । যোগীবাৰী বিলৰ সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মুক্ত আকাশৰ তলত প্ৰদান কৰা এই যোগ প্ৰশিক্ষণ অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলৰ মাজত যোগৰ লগত সংগতি থকা কেইবাটাও প্ৰতিযোগিতাও অনুষ্ঠিত হয় ।
লগতে পঢ়ক:টছত জয়ী অষ্ট্ৰেলিয়া, দুয়োটা দলৰে প্লেয়িং একাদশত নাই কোনো পৰিৱৰ্তন