World wetlands day: মাজুলীৰ চৰাইচোং বিলত বিশ্ব জলাশয় দিৱস পালন - Wetlands in Assam

🎬 Watch Now: Feature Video

thumbnail
মাজুলীৰ চৰাইচোং বিলত বিশ্ব জলাশয় দিৱস পালন (undefined)

By

Published : February 2, 2023 at 4:59 PM IST

|

Updated : February 3, 2023 at 8:39 PM IST

Choose ETV Bharat

মাজুলী, 2 ফেব্ৰুৱাৰী: সত্ৰনগৰী মাজুলীৰ চৰাইচোং বিলত বৃহস্পতিবাৰে বিশ্ব জলাশয় দিৱস উদযাপন কৰা হয় । মাজুলী জিলা বন বিভাগৰ উদ্যোগত আৰু উজনি মাজুলী আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ সহযোগত ঐতিহাসিক আহোম যুগৰ প্ৰথমখন পক্ষী উদ্যান চৰাইচোং বিলত বিশ্ব জলাশয় দিৱস পালন কৰে (World wetlands day 2023) । ১৯৭১ চনৰ ২ ফেব্ৰুৱাৰী দিনটোত ইৰাণত প্ৰথম জলাশয় দিৱস পালন কৰা হৈছিল (World wetlands day) ৷ তেতিয়াৰে পৰা ২ ফেব্ৰুৱাৰীৰ দিনটো সমগ্ৰ বিশ্বতে জলাশয় দিৱস হিচাপে পালন কৰি অহা হৈছে । 

বন আৰু প্ৰকৃতিৰ লগতে গোলকীয় উষ্ণতা আৰু জলবায়ু পৰিৱৰ্তন প্ৰতিৰোধ কৰাৰ বাবে জলাশয়সমূহ সংৰক্ষণ কৰাটো অত্যন্ত প্ৰয়োজন ৷ কিন্তু, মানুহৰ অমনোযোগিতাৰ বাবেই সম্প্ৰতি পৃথিৱীৰ বৃক্কস্বৰূপ জলাশয়সমূহ নাইকিয়া হৈ পৰিছে ৷ এই জলাশয়সমূহ সংৰক্ষণ কৰিবৰ বাবেই বিশ্ব জলাশয় দিৱসৰ দিনা মাজুলীত মুুুকলিভাৱে ওলাই আহিছে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল (World wetlands day in Majuli) । 

পৃথিৱীৰ বৃক্কস্বৰূপ এই জলাশয়সমূহ সুস্থভাৱে সংৰক্ষণ কৰাৰ স্বাৰ্থত উজনি মাজুলী আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত আৰু মাজুলী জিলা বন বিভাগৰ সহযোগত অভয়পুৰীয়াৰ চৰাইচোং পক্ষী উদ্যানত বিশ্ব জলাশয় দিৱস পালন কৰা হয় (Aryabhatta Science Centre in Majuli) । বিল জলাশয়ৰ ওপৰত নিৰ্ভৰ কৰিয়েই বন্যপ্ৰাণীসমূহ জীয়াই আছে যাৰ বাবেই চলি আছে পৰ্যটনৰ ক্ষেত্ৰখন ৷ দেশ-বিদেশৰ জলচৰ চৰাইবোৰৰ আৱাসস্থলী এই বিলসমূূহ (Wetlands in Majuli)। 

এই জলাশয়বোৰৰ লগত ছাত্র-ছাত্ৰী সকলক চিনাকি কৰাই দিয়াৰ বাবে বিশ্ব জলাশয় দিৱস পালনৰ বাবে আগুৱাই অহা হৈছে বুলি বন বিভাগৰ ফালৰ পৰা জানিবলৈ দিছে । এই জলাশয়সমূহ সংৰক্ষণ কৰিবৰ বাবে সকলোকে আহ্বান জনাইছে বন বিভাগৰ লোকসকলে (Preservation of wetlands)। 

উল্লেখ্য যে, অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক দুয়োটা উপত্যকাতে আছে অসংখ্য জলাশয় ৷ এই জলাশয়সমূহ বিভিন্ন জলজ পক্ষী, মাছ-কাছ, সাপ আদি জলচৰ প্ৰাণীৰ বসতিস্থল ৷ তাৰোপৰি এই জলাশয়সমূহে প্ৰাকৃতিক বাতাবৰণ সুস্থিৰ কৰি ৰখাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে (Wetlands in Assam) ৷ কিন্তু লাহে লাহে ৰাজ্যৰ জলাশয়সমূহ সংকুচিত হৈ অহা পৰিলক্ষিত হৈছে ৷ যাৰ বাবে এনে জলজ জীৱৰ বাবে বসতিস্থলৰ অভাৱ ঘটিছে আৰু জীৱবোৰ বিলুপ্ত হ’বলৈ ধৰিছে ৷

লগতে পঢ়ক: Ramsar Deepar Beel : পক্ষীৰ কলৰৱত এতিয়া মুখৰিত নহয় ৰামছাৰ ক্ষেত্ৰ দীপৰ বিল

Last Updated : February 3, 2023 at 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details