Woman injured by tiger attack in Baksa: শালবাৰীত বাঘৰ আক্ৰমণত আহত মহিলা

By

Published : Mar 5, 2023, 8:55 PM IST

thumbnail

বৰপেটা ৫ ফেব্ৰুৱাৰী: বাক্সা জিলাৰ শালবাৰীত অঘটন ৷ বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত এগৰাকী মহিলা (Woman injured by tiger attack in baksa) । সংকটজনক অৱস্থাত আহত মহিলাগৰাকীক বৰপেটা মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে ৷

জানিব পৰা মতে, বাক্সা জিলাৰ শালবাৰী থানাৰ অন্তৰ্গত দংপাৰা কৰেবাৰী গাঁৱৰ ডেইজী বসুমতাৰী (৪৫) নামৰ মহিলা গৰাকীয়ে ঘৰৰ ওচৰৰে পথাৰত নিজৰ গৰু বিচাৰি গৈছিল ৷ এনে সময়তে মহিলাগৰাকী বাঘৰ সৈতে মুখামুখি হয় আৰু বাঘটোৱে দেখা মাত্ৰকে মহিলা গৰাকীক আক্ৰমণ কৰে (tiger attack incident in baksa) ।

বাঘৰ আকস্মিক আক্ৰমণত গুৰুতৰভাৱে আহত হয় মহিলাগৰাকী । মহিলা গৰাকীৰ মুখমণ্ডলত আক্ৰমণ কৰে বাঘটোৱে  ৷ অৱশ্যে মহিলাগৰাকীয়ে চিঞৰ-বাখৰ কৰাত বাঘটো পলাই যায়।

স্থানীয় লোকে জনোৱা মতে, পূৰ্বে কোনোদিনে সেই অঞ্চলত বাঘ ওলোৱা তথা বাঘে আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হোৱা নাছিল । নিকটৱৰ্তী মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বাঘটো ওলাই অহাৰ সন্দেহ প্ৰকাশ কৰে স্থানীয় ৰাইজে ।

লগতে পঢ়ক : Animal Bone Smuggling: বন্যপ্ৰাণীৰ অংগ-প্ৰত্যংগসহ এটা সৰবৰাহকাৰী আটক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.