মহৎ উদ্দেশ্যৰে হাতত ত্ৰিৰংগা লৈ অযোধ্যালৈ পদযাত্ৰা দুই যুৱকৰ
Published: Nov 21, 2023, 11:47 AM
কলিয়াবৰ, 21 নৱেম্বৰ : সমগ্ৰ বিশ্বতে প্লাষ্টিক ব্যৱহাৰে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷ সময়ে সময়ে কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰে বিভিন্ন সজাগতা বা শাস্তিমূলক ব্যৱস্থাৰ গ্ৰহণ কৰাৰ পিচতো বন্ধ হোৱা নাই প্লাষ্টিকৰ ব্যৱহাৰ ।
এই প্লাষ্টিক ব্যৱহাৰৰ ভয়াবহতাৰ পৰা মুক্ত হ’বলৈ দুই যুৱকৰ ব্যতিক্ৰমী পদক্ষেপ হাতত লৈছে ৷ দীৰ্ঘ দূৰত্ব পদযাত্ৰাৰে সজাগতাৰ সৃষ্টি কৰিবলৈ আগবাঢ়ি আহিছে দুজন যুৱকে। ১৫০০ কিলোমিটাৰ খোজকাঢ়ি লখিমপুৰৰ পৰা অযোধ্যাৰ ৰাম মন্দিৰলৈ যাত্ৰা কৰিছে দুই যুৱকে।
যোৱা ৮ নৱেম্বৰত লখিমপুৰৰ পৰা যাত্ৰা কৰিছে দুই যুৱকে। সোমবাৰে ১২ দিনৰ অন্তত কলিয়াবৰ পালেহি দুই যুৱকে । প্লাষ্টিক বৰ্জন কৰি প্লাষ্টিক মুক্ত ভাৰত গঢ়াৰ লক্ষ্যৰে দুই যুৱকে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিলৈ আৰম্ভ কৰিছে এই পদযাত্ৰা । লখিমপুৰৰ নীতিন দাস আৰু উত্তৰ প্ৰদেশৰ অজয় মিশ্ৰই মহৎ উদ্দেশ্য আগত ৰাখি দৈনিক ৩০ কিলোমিটাৰ খোজকঢ়াৰ সংকল্প লৈছে ৷
লগতে পঢ়ক: প্ৰথমবাৰৰ বাবে অসম ৰাজ্যিক চিৰিয়াখানাত জন্ম হ’ল জিৰাফৰ পোৱালী