Jamugurihat thief case : ঘৰত কোনো নথকাৰ সুযোগ লৈ জামুগুৰিহাটত চোৰৰ চাফাই অভিযান

By

Published : May 28, 2023, 8:49 PM IST

thumbnail

চতিয়া, ২৮ মে’ : জামুগুৰিহাটৰ সৰুভগীয়া গাঁৱত শনিবাৰে নিশা চোৰে চলালে চাফাই অভিযান (Thief steal gold jewelry and money at Jamugurihat) । ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি গাঁওখনৰ প্ৰদীপ শইকীয়া নামৰ লোকজনৰ ঘৰৰ তলা ভাঙি চোৰে প্ৰৱেশ কৰি লুটি নিলে সোণৰ অলংকাৰৰ লগতে নগদ ধন । তেজপুৰৰ পৰা পুৱাই জামুগুৰিহাটৰ ঘৰত উপস্থিত হৈ হতচকিত হৈ পৰে গৃহস্থ ।

ইয়াৰ পাচতে ঘটনা সন্দৰ্ভত ওচৰ চুবুৰীয়াৰ লগতে জামুগুৰি আৰক্ষীক অৱগত কৰে । উল্লেখ্য যে, এদিন পূৰ্বে জামুগুৰিহাটৰ সৰুভগীয়া গাঁৱতে এগৰাকী অকলশৰীয়া মহিলাৰ ঘৰত এটা ডকাইটৰ দল প্ৰৱেশ কৰি নগদ ধনৰ লগতে লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ লৈ উধাও হৈছিল বুলি জানিব পৰা গৈছে । মাত্ৰ এটা নিশাৰ পাচতে একেখন গাঁৱতে পুনৰ একেধৰণৰ ঘটনা সংঘটিত হোৱাত এতিয়া চিন্তিত হৈ পৰিছে গঞা ৰাইজ ৷

লগতে পঢ়ক : Raid against Fake currency: নগাঁৱৰ নিজ বাসগৃহৰ চিলিঙত লুকাই থকা অৱস্থাত আটক জালনোট সৰবৰাহকাৰী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.