Murder in Nagaland : ড্ৰাগছ বেপাৰীৰ প্ৰহাৰত নিহত TASU ৰ অধ্যক্ষ, উত্তেজিত মন জিলা

By

Published : May 26, 2023, 3:39 PM IST

thumbnail

মৰাণ, 26 মে’ : আজিও উত্তপ্ত হৈ আছে নাগালেণ্ডৰ মন জিলাৰ টিজিত ৷ কিয়নো কোনো দিনে নঘটা এক ঘটনা সংঘটিত হ’ল নাগালেণ্ডৰ টিজিটত । বৃহস্পতিবাৰে এজন নগা ড্ৰাগছ বেপাৰীৰ চোকা অস্ত্ৰৰ প্ৰহাৰত থিতাতে নিহত হয় টিজিট এৰিয়া ছাত্ৰ সন্থা চমুকৈ টাছুৰ একশ্যন কমিটিৰ অধ্যক্ষ আহুৱা কন্যাক (Student leader killed in Nagaland while trying to curb drugs) । এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ নাগালেণ্ডতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

আনকি উত্তেজিত একাংশ নগা লোকে জ্বলাই দিয়ে অভিযুক্ত নগা ড্ৰাগছ বেপাৰীটোৰ বাসগৃহ ৷ এই অভিযুক্ত নগা ড্ৰাগছ বেপাৰীটোৰ নাম মেনচান কন্যাক বুলি জানিব পৰা গৈছে ৷ ইফালে এই ঘটনাৰ পাচতে টিজিত এৰিয়া ছাত্ৰ সন্থাই 26 মে’ পৰ্যন্ত সম্পূৰ্ণ বন্ধ ঘোষণা কৰে মন জিলা ৷ বন্ধৰ এই সময়ছোৱাত সকলো ব্যৱসায়ী প্ৰতিষ্ঠান, যান-বাহনসকলো মন জিলাত বন্ধ হৈ থকা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক : Student leader killed in Nagaland : ড্ৰাগছ ৰোধ কৰিবলৈ গৈ নগালেণ্ডত ছাত্ৰ নেতাৰ মৃত্যু

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.