Lightning strikes in Guwahati: ঘৰৰ চোতালত খেলি থাকোতে বজ্ৰ পৰি কিশোৰীৰ মৃত্যু

By

Published : Mar 16, 2023, 2:02 PM IST

thumbnail

গুৱাহাটী, ১৬ মাৰ্চ: গুৱাহাটী মহানগৰীত খেলি থাকোতেই সংঘটিত হ'ল এক কৰুণ ঘটনা । ঘৰৰ চোতালত জ্য়েষ্ঠ ভগ্নীৰ সৈতে খেলি থকা অৱস্থাতেই বুধবাৰে বজ্ৰ পৰি মৃত্যু এটি কিশোৰীৰ মৃত্য়ু হয় (Teenage girl dies due to lightning strikes at Satgaon)। সাতগাঁৱৰ প্ৰগতি নগৰৰ উপপথ নং ৫ ত সংঘটিত হয় এই ঘটনাটো । মৃত শিশুটিৰ নাম মমতা বেগম উৰফে ধুনু (১১) বুলি জানিব পৰা গৈছে (Teenage girl dies in Guwahati)।

বুধবাৰে দিনৰ ১১ বজাত সংঘটিত হয় এই শোকাৱহ ঘটনাটো । কালি পুৱাৰ ভাগত ১১ বছৰীয়া কন্যা সন্তানটিৰ পিতৃ হাছেন আলী আৰু মাতৃ জাহানাৰা বেগমে মমতাক ঘৰত এৰি থৈ দিন হাজিৰা কৰাৰ বাবে ওলাই গৈছিল । পুৱা অহা বতাহ বৰষুণ তথা বিজুলী ধেৰকনিৰ মাজতে ঘৰৰ চোতালত জ্য়েষ্ঠ ভগ্নীৰ সৈতে খেলি আছিল  মমতা । তেনে সময়তে হঠাৎ মমতাৰ গাত বজ্ৰ পৰে । বজ্ৰ পৰাৰ লগে লগে কিশোৰীগৰাকী অচেতন হৈ পৰে । ইয়াৰ পিছতেই ওচৰ চুবুৰীয়াই এই বিষয়ে জানিব পাৰি শিশুটিক এখন হাস্পতালতলৈ নিয়ে যদিও চিকিৎসকে মৃত তুলি ঘোষণা কৰে । বজ্ৰপাতত মৃত্যু হোৱা কিশোৰীগৰাকী সাতগাওঁ হাইস্কুলৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী আছিল ।

লগতে পঢ়ক:Akhil to Assam govt: ধৰ্মৰ ৰাজনীতি বাদ দি কৃষিকাৰ্যৰ উৎপাদন বৃদ্ধিত গুৰুত্ব দিবলৈ চৰকাৰক আহ্বান অখিল গগৈৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.