Teachers protest: হাতে হাতে টেবলেট লৈ শিক্ষক সমাজৰ অভিনৱ প্ৰতিবাদ

By

Published : May 22, 2023, 9:32 PM IST

thumbnail

বঙাইগাঁও, 22 মে’: ৰাজ্যজুৰি চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ সমান্তৰালকৈ আজি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষাগুৰুসকলে (Teachers protest across Assam) ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁও জিলাৰ মানিকপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত শিক্ষকে ঘূৰাই দিবলৈ আহিল শিক্ষা বিভাগে প্ৰদান কৰা টেবলেট (Teachers protest at Manikpur)৷ 

চৰকাৰে প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি নকৰাকৈ প্ৰতিখন বিদ্যালয়ত টেবলেট যোগান ধৰাত শিক্ষকসকলে একেলগ হৈ ঘূৰাই দিবলৈ আহিল শিক্ষাসেঁতু আঁচনিৰ টেবলেট ৷ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সিদ্ধান্ত অনুযায়ী মানিকপুৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত লোৱা হয় টেবলেট ঘূৰাই দিয়া কাৰ্যসূচী ৷ 

মানিকপুৰৰ ১১৭ খন বিদ্যালয়ৰ শিক্ষকে মাণিকপুৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়লৈ ঘূৰাই দিবলৈ আহে টেবলেটসমূহ ৷ উল্লেখ্য যে, চৰকাৰে প্ৰধান শিক্ষকৰ পদ সৃষ্টি নকৰা পৰ্যন্ত কোনো নতুন দ্বায়িত্ব গ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ৷  

যাৰ ফলত চলিত মে' মাহৰ 2 তাৰিখৰ পৰা 21 মে' তাৰিখলৈ শিক্ষাসেঁতুৰ বিভিন্ন কাৰ্যসূচীত অসহযোগ কৰিছে শিক্ষকসকলে ৷ আজি শিক্ষকসকলে টেবলেটসমূহ ঘূৰাই দিবলৈ আহে যদিও শিক্ষা বিষয়াই ঘূৰাই নলয় টেবলেটসমূহ ৷ বিভাগীয় উৰ্দ্ধতম কৰ্তৃপক্ষৰ নিৰ্দেশ মৰ্মে টেবলেটসমূহ ঘূৰাই লোৱা নহ’ব বুলি সদৰী কৰে মাণিকপুৰ প্ৰাথমিক খণ্ড শিক্ষা বিষয়া মিজানুৰ ৰহমান ভূঞাই ৷  

লগতে পঢ়ক: HSLC result 2023 : ভৱিষ্যতে এগৰাকী পদাৰ্থ বিজ্ঞানী হোৱা মন প্ৰথম স্থান প্ৰাপক হৃদম ঠাকুৰীয়াৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.