thumbnail

Teachers protest : মঙলদৈত শিক্ষকসকলে ঘূৰাই দিলে টেবলেট

By

Published : May 22, 2023, 3:56 PM IST

মঙলদৈ, 22 মে’:  হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ দিনাই মঙলদৈত শিক্ষকসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (Teachers protest at Mangaldoi )৷ সোমবাৰে স্থায়ী প্ৰধান শিক্ষক নিযুক্তি নিদিয়াৰ প্ৰতিবাদত প্ৰাথমিক বিদ্যালয়সমূহৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকসকলে সমূহীয়াকৈ ঘূৰাই দিবলৈ আহিল টেবলেটসমূহ (255 teachers return tablets)৷ মঙলদৈৰ চপাইস্থিত কলাইগাঁও খণ্ড বিষয়াৰ কাৰ্যালয়ত উপস্থিত হয় 255 খন বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকসকল ৷  

অৱশ্যে সমগ্ৰ দৰং জিলাৰ 988 খন বিদ্যালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে ৷ প্ৰতিবাদকাৰী শিক্ষকসকলে কয় যে, স্থায়ী প্ৰধান শিক্ষকৰ নিযুক্তিৰ পৰিৱৰ্তে প্ৰায়সমূহ বিদ্যালয়ে ভাৰপ্ৰাপ্ত শিক্ষকৰ দ্বাৰা বিদ্যালয় পৰিচালিত হৈ অহাৰ বাবে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ৷ সেয়ে সমগ্ৰ ৰাজ্যৰ লগতে দৰঙতো প্ৰায় 988 খন বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকসকলে আজি টেবলেটসমূহ ঘূৰাই দিয়াৰ বাবে উপস্থিত হৈছে প্ৰাথমিক খণ্ড বিষয়াৰ কাৰ্যালয়ত ৷ 

লগতে পঢ়ক: Srinivas BV in Guwahati : অংকিতা দত্তই তৰা গোচৰ সন্দৰ্ভত গুৱাহাটীত শ্ৰীনিবাস বি ভি

পিচে এতিয়াও কলাইগাঁও খণ্ড প্ৰাথমিক বিষয়াৰ কাৰ্যালয়ত কোনো বিষয়া উপস্থিত নথকাত এতিয়া কাৰ্যালয়ৰ সন্মুখতে অপেক্ষা কৰি আছে শিক্ষকসকলে ৷ বিষয়া নহা পৰ্যন্ত নিশা 12 বজালৈ পৰ্যন্ত ৰৈ হ’লেও টেবলেটসমূহ ঘূৰাই দিব বুলি কয় ক্ষুব্ধ শিক্ষকসকলে ৷ 

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.