Protest at KBVSASSU: কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ত উপাচাৰ্যৰ বিৰুদ্ধে প্ৰতিবাদ

By

Published : May 24, 2023, 5:02 PM IST

thumbnail

নলবাৰী, ২৪ মে’: বুধবাৰে নলবাৰীৰ কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ত শিক্ষক সমাজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (Teacher Union Protest at KBVSASSU) ৷ বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য প্ৰহ্লাদ যোগীয়ে শিক্ষকক অপদস্থ কৰাৰ লগতে পানীৰ সমস্যাকে ধৰি অন্যান্য সমস্যা সমাধান আৰু দৰমহাৰ বৈষম্য দূৰ কৰাৰ দাবীত বিশ্ববিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকাসকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰহ্লাদ যোশীয়ে অধ্যাপক-অধ্যাপিকাসকলৰ ওপৰত চাৰ্জিকেল ষ্ট্ৰাইক চলাই ধমকি দিয়াৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে । অভিযোগ অনুসৰি বিশ্ববিদ্যালয়খনৰ সমস্যাৰ কথা কলেই খৰ্গহস্ত হৈ পৰে উপাচাৰ্য প্ৰহ্লাদ যোশী। 

উল্লেখ্য যে , দীৰ্ঘদিনৰে পৰা বিশ্ববিদ্যালয়খনত খোৱা পানীৰ অভাৱৰ লগতে প্ৰস্বাৱগাৰ আৰু শৌচাগাৰত পানীৰ সমস্যাই দেখা দি আহিছে । পানীৰ অভাৱত ভয়ানক সমস্যাত পৰিছে অধ্যাপক-অধ্যাপিকাসকলৰ লগতে শিক্ষাৰ্থীসকল । একেদৰে শিক্ষকৰ দৰমহাৰ বিসংগতি দূৰ কৰাৰো দাবী উত্থাপন কৰে প্ৰতিবাদকাৰী অধ্যাপক-অধ্যাপিকাসকলে । যাৰ ফলশ্ৰুতিত বিশ্ববিদ্যালয়খনৰ ভিতৰতেই প্ৰতিবাদত বহে অধ্যাপক-অধ্যাপিকাসকল ৷ 

লগতে পঢ়ক: Central minister Kiren Rijiju Nalbari visit: নলবাৰীত দলীয় সভা সম্পন্ন কৰি সংবাদমেল কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.