Young indian Thalir-23 ত সাতগাঁও হাইস্কুলৰ ছাত্ৰ-ছাত্ৰী
Published: Nov 21, 2023, 10:57 PM
গুৱাহাটী,২১ নৱেম্বৰ: তামিলনাডুৰ কইম্বাটুৰ বিশ্ববিদ্যালয়ত ২৫ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় young indian thalir-23 শীৰ্ষত প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত হৈছে মহানগৰীৰ সাতগাঁও হাইস্কুলৰ ১৩ গৰাকী ছাত্ৰ-ছাত্ৰী । অলপতে অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাৰ দ্বাৰা আযোজন কৰা Design thinking (Innovation), Science আৰু Technology শিতানত গুৱাহাটীৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হয় ।
এই সফলতাৰ সুবাদতে সাতগাঁও হাইস্কুলৰ নৱম আৰু দশম শ্ৰেণীৰ ১৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত কৰা হয় । মূলতঃ পথ দুৰ্ঘটনাক বিষয়বস্তু হিচাপে লৈ বিদ্যালয়খনৰ নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীসকলে চুটি নাট, পোষ্টাৰিং আদি প্ৰদৰ্শন কৰিব বুলি জানিবলৈ দিয়ে বিদ্যালয়খনৰ প্ৰধান শিক্ষক নলিনী তালুকদাৰ আৰু সহ শিক্ষক দীনেশ দাসে ।
কাইলৈ উক্ত প্ৰতিযোগিতাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে শিক্ষয়িত্ৰী দীপ্তি গোস্বামী, ময়ুৰী বৰুৱা আৰু অলকা গোস্বামীৰ তত্বাৱধানত ট্ৰেইনযোগে গুৱাহাটীৰ পৰা তামিলনাডুলৈ ৰাওনা হ'ব । অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীসকল হৈছে চাহিদ আহমেদ, ৰাজু আলী, জ্যোতি কমল বড়ো, ৰহিম আলী, অৰিহণা শইকীয়া, চন্দন নাথ, জেহিৰুল ইছলাম, চামিমা বেগম, পিংকি কেওট, শ্ৰেয়া ৰয়, পূজা ডেকা, নয়ন মনি আলি আৰু দ্বিমন ডেকা ।
লগতে পঢ়ক: কন্যা শিশু নিৰুদ্দেশ হৈ থকাক লৈ মহিলা কংগ্ৰেছৰ উদ্বেগ