Murder at Silapathar: চিলাপথাৰত লোমহৰ্ষক হত্যাকাণ্ড
Published: Mar 13, 2023, 8:26 PM

জোনাই, ১৩ মাৰ্চ: ধেমাজি জিলাৰ চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত জোনাকী নগৰত সোমবাৰে এক লোমহৰ্ষক হত্যাকাণ্ডৰ সংঘটিত হয় ৷ পত্নীক হত্যা কৰি স্বামীৰ আত্মহত্যাৰ প্ৰচেষ্টা চলোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে (Sensational Murder at Silapathar) ৷ জানিব পৰা মতে, চিলাপথাৰ নগৰৰ জোনাকী নগৰত আজি দিন দুপৰতে সংঘটিত হ’ল এই লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনাটো ।
জোনাকী নগৰৰ বিজয় দেৱনাথে (৩০)পত্নী স্বপ্না দেৱনাথক (২৪) নিজা বাসভৱনতে ডিঙিত উপৰ্যুপৰি ঘপিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে । এটি ৭ বছৰীয়া সন্তানৰ মাতৃ স্বপ্না দেৱনাথক নৃশংসভাৱে হত্যা কৰি আৰক্ষীৰ পৰা ৰক্ষা পাবলৈ আত্মহত্যাৰ প্ৰচেষ্টা চলায় (Suicide attempt in Silapathar)। নিজৰ ডিঙিত ৰেপি আত্মহত্যাৰ প্ৰচেষ্টা চলোৱা অভিযুক্ত বিজয় দেৱনাথে চিলাপথাৰ আদৰ্শ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে (Silapathar Model Hospital in Dhemaji) ৷ চিলাপথাৰ আক্ষীয়ে উক্ত ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।
লগতে পঢ়ক:Adani stock manipulation: আদানীৰ বিয়াগোম বিত্তীয় কেলেংকাৰী তদন্তৰ দাবীৰে গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদ