HSLC results 2023: সপ্তম স্থানপ্ৰাপ্ত টীয়কৰ সুদৰ্শনাৰ গৃহত ৰূপজ্যোতি কুৰ্মী

By

Published : May 22, 2023, 10:21 PM IST

thumbnail

টীয়ক, ২২ মে': সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত সপ্তম স্থান দখল কৰিলে টীয়ক জাতীয় বিদ্যালয়ৰ ছাত্ৰী সুদৰ্শনা ভূঞাই (Sudarshana Bhuyan got 7th position in HSLC) । সমগ্ৰ টীয়কলৈ গৌৰৱ কঢ়িয়াই অনা সুদৰ্শনা ভূঞাৰ টীয়ক নগৰৰ বলমা পাইপলাইনস্থিত গৃহত যোৰহাট জিলাৰ উপায়ুক্ত আৰু মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী উপস্থিত হৈ ছাত্ৰীগৰাকীক অভিনন্দন জ্ঞাপন কৰে (Rupjyoti Kurmi congratulates Sudarshana Bhuyan) ।  

উল্লেখযোগ্য যে, জিলাখনৰ ভিতৰত সুৰ্দশনাই একমাত্ৰ ছাত্ৰী যি এইবৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰি সমগ্ৰ জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে (Rupjyoti Kurmi on HSLC result) । ইপিনে ছাত্ৰীগৰাকীৰ সহায় হোৱাকৈ বিধায়কগৰাকীয়ে এককালীন কিছু অৰ্থসাহায্য় আৰু উপায়ুক্তগৰাকীয়ে প্ৰতি মাহে তেওঁৰ দৰমহাৰ পৰা কিতাপ পত্ৰৰ খৰচৰ বাবদ আৰ্থিক সাহায্য় ৰাজহুৱাকৈ প্ৰদান কৰে (HSLC results 2023) । লগতে ছাত্ৰীগৰাকীয়ে অনাগত দিনবোৰত যাতে আশা কৰা মতে আগুৱাই যাব পাৰে তাৰ বাবে প্ৰতি মুহূৰ্ততে দুয়োজন ব্যক্তিয়ে সহায় সহযোগিতা আগবঢ়াব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে । 

লগতে পঢ়ক: HSLC Results 2023: পঞ্চম স্থান দখল কৰিলে হেপ্পী চাইল্ড হাইস্কুলৰ ছাত্ৰ অনন্ত জৈনে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.