Sesa tea estate Dibrugarh: চেঁচা চাহ বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে ম‌ইমতালিৰ অভিযোগ স্থানীয় ৰাইজৰ

By

Published : May 25, 2023, 10:36 PM IST

thumbnail

মৰাণ, 25 মে’: ডিব্ৰুগড়ৰ বৰবৰুৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত জকাইৰ ফৰেষ্ট তামোলবাৰী গাঁৱৰ ৰাইজে 1933 চনৰে পৰা যাতায়াত কৰা এটা পথ চেঁচা চাহ বাগিচা কৰ্তৃপক্ষই বন্ধ কৰিবলৈ চেষ্টা কৰাক লৈ ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ ৷ উল্লেখযোগ্য যে, 1933 চনতেই স্থাপিত হোৱা জকাই ফৰেষ্ট তামোলবাৰী গাঁৱৰ লোক সকলে একমাত্ৰ পথটোৰেই যাতায়ত কৰি অহাৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলেও যাতায়ত কৰি আহিছে (Public protest at Sesa tea estate in Dibrugarh) ৷

কিন্ত এতিয়া চেঁচা চাহ বাগিচা কৰ্তৃপক্ষই হঠাৎ পথচোৱা বন্ধ কৰিবলৈ লোৱাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ ৷ আনকি চেঁচা চাহ বাগিচা কৰ্তৃপক্ষই ক্ষোভিত ৰাইজৰ ওপৰেৰে ট্ৰেক্টৰ চলাই মহতিয়াই লৈ যোৱাৰো ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপিত হৈছে (Public protest at Sesa tea estate) ৷ 

স্থানীয় ৰাইজৰ অভিযোগ, চেঁচা চাহ বাগিচা কৰ্তৃপক্ষৰ ফালৰ পৰা কোৱা হৈছে এই পথটোৰে যাতায়ত বন্ধ কৰিবলৈ ৷ কিন্তু 1933 চনৰে পৰা এই পথচোৱাৰে অহা-যোৱা কৰি থকা স্থানীয় ৰাইজে এতিয়া চেঁচা চাহ বাগিচা কৰ্তৃপক্ষৰ এনে ম‌ইমতালিৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে (Sesa tea estate Dibrugarh) ৷ 

লগতে পঢ়ক: Poor Electricity Connection: টিংখাঙৰ তিনঠেঙীয়াত বাঁহ-তামোলৰ খুঁটাত ওলমিছে বৈদ্যুতিক তাঁৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.