Junmoni Rabha death case: জোনমণি ৰাভাৰ মৃত্যুৰ নিৰপেক্ষ তদন্তৰ দাবীত প্ৰতিবাদ

By

Published : May 28, 2023, 7:35 PM IST

thumbnail

মৰাণ,২৮ মে': অসম আৰক্ষীৰ মহিলা উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ হত্যাকাণ্ডকৰ উচিত তদন্তৰ দাবীত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সাব্যস্ত কৰা হৈছে তীব্ৰ প্ৰতিবাদ (Junmoni Rabha mysterious death) । এচ আই জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ স্বচ্ছ, নিকা আৰু নিৰপেক্ষ তদন্তৰ দাবী আৰু দোষীক কঠোৰ শাস্তি দিয়াৰ দাবীত মৰাণতো ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে অসমীয়া যুৱ মঞ্চ, ডিব্ৰুগড় জিলা সমিতি আৰু মৰাণ আঞ্চলিক সমিতিয়ে (Protests demanding an impartial probe into Jonmani Rabha death ) ।  

প্ৰতিবাদকাৰীসকলে বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে উত্তাল কৰি তোলে মৰাণ নগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ । এই ঘটনাত তৃতীয়পক্ষ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰাৰ লগতে আৰক্ষী বিষয়াগৰাকী এক পৰিকল্পিত হত্যাকাণ্ডৰ বলি হোৱা বুলি মন্তব্য প্ৰকাশ কৰে সংগঠনটোৰ বিষয়ববীয়াসকলে (Protests demanding a impartial enquiry) ।  

নকল সোণ আৰু নকল নোট ব্যৱসায়ী সকলৰ ওপৰতো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় সংগঠনটোৱে । জোনমণি ৰাভাৰ বাহনখনক খুন্দিওৱা ট্ৰাক চালক সুমিত কুমাৰে জামিন লৈ উত্তৰ প্ৰদেশলৈ গুচি যোৱা কাৰ্যকো সহজভাৱে ল'ব পৰা নাই সংগঠনটোৱে । এই ক্ষেত্ৰত উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি বিহিবলৈ দাবী জনায় সংগঠনটোৱে । 

লগতে পঢ়ক: Extra Marital Affair: গড্ৰেজত সোমাইও নাপালে ৰক্ষা; প্ৰেমিকাক লগ ধৰিবলৈ গৈ খালে ৰাইজৰ ঔ কিল

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.