Bridge on Kapili collapsed during construction: কপিলীৰ ওপৰৰ নিৰ্মাণৰত দলং ভাগি পৰাৰ তদন্তৰ দাবীৰে প্ৰতিবাদ

By

Published : Mar 18, 2023, 12:22 PM IST

thumbnail

নগাওঁ, 18 মাৰ্চ : নিৰ্মাণৰত অৱস্থাতে কপিলীৰ ওপৰত বনাই থকা দলংখন ভাগি পৰাৰ ক্ষোভত নগাঁৱৰ কামপুৰস্থিত কপিলী দলঙত ৰাইজৰ প্ৰতিবাদ ৷ শনিবাৰৰ বিয়লি নিৰ্মাণৰত অৱস্থাতে খহি পৰিছিল কামপুৰৰ কপিলী নদীৰ ওপৰত নিৰ্মাণ হৈ থকা দ্বিতীয়খন দলং ৷ স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি, নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ ফলতেই ভাঙি পৰিল নৱনিৰ্মিত দলংখন (Bridge collapsed while under construction in Assam) ৷

স্থানীয় ৰাইজে দলংখন নিৰ্মানত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ সন্দৰ্ভত তদন্ত দাবী কৰিছিল স্থানীয় ৰাইজে ৷ কিন্তু বিভাগীয়ভাৱে কোনো তদন্ত নকৰাকৈ শনিবাৰৰ পুৱা পুনৰ কাম আৰম্ভ কৰাত ৰাইজে বিষয়টোত জাঙুৰ খাই উঠে আৰু কাম বন্ধ কৰিবলৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিভাগীয় গাফিলতিৰ ফলস্বৰূপে দলং নিৰ্মাণত নিয়োজিত তিনিজন বনুৱা আহত হোৱাৰ পাছতো ঠিকাদাৰ তথা দলং নিৰ্মাণৰ দ্বায়িত্বত থকা প্ৰতিস্থানটোয়ে কোনো নিৰীক্ষণ নকৰাকৈ কাম কৰিবলৈ দিয়াত ক্ষোভিত হৈ পৰে কামপুৰবাসী (Protest against Bridge collapsed at Kampur) ৷ 

বিষয়টোৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰো হস্তক্ষেপ দাবী কৰিছে স্থানীয় ৰাইজে ৷ উল্লেখ্য যে উত্তম চন্দ্ৰ নাহাতা নামৰ ঠিকাদাৰজনে ২২কোটি টকা ব্যয়ৰে ২০১৯ চনতে আৰম্ভ কৰিছিল দলংখন নিৰ্মাণৰ কাম । প্ৰতিবাদকাৰীসকলে নাহাতা কোম্পানী হায় হায়, জিতু গোস্বামী গ' বেক, মূখ্যমন্ত্ৰী গ' বেক, বিজেপি চৰকাৰ গ' বেক আদি ধ্বনিৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে (Newly constructed Bridge collapsed over Kapili river)। 

লগতে বিভাগীয় অভিযন্তা হিতেন কলিতাক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে (People protest on the bridge)।

লগতে পঢ়ক : Anganwadi workers protest : অংগনৱাড়ী কৰ্মী তথা সহায়িকাক মাননীৰ সলনি মজুৰি প্ৰদানৰ দাবী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.