HSLC question paper leak: সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাক লৈ বিহপুৰীয়াত তীব্ৰ প্ৰতিবাদ

By

Published : Mar 14, 2023, 2:22 PM IST

thumbnail

বিহপুৰীয়া, 14 মাৰ্চ : প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবেই সোমবাৰে বাতিল কৰা হয় চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ পৰীক্ষা ৷ ইয়াৰ পিছতে প্ৰতিবাদমুখৰ হৈ পৰে সমগ্ৰ ৰাজ্য ৷ ৰাজ্যৰ সকলো পৰীক্ষা কেন্দ্ৰত সোমবাৰে বাতিল হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞান বিষয়ৰ পৰীক্ষা । ইয়াৰ পিছতে উদ্বিগ্ন হৈ পৰে পৰীক্ষাৰ্থী, অভিভাৱকৰ লগতে সচেতন মহল (HSLC general science question paper leak)। 

ইয়াৰ পিছতে ছেবা আৰু ৰাজ্যৰ শিক্ষামন্ত্ৰীগৰাকীৰ বিৰুদ্ধে জিলাখনত বিভিন্ন ছাত্ৰ সংগঠনে গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী । আজি বিহপুৰীয়া নগৰত বিহপুৰীয়াৰ যানবাহন নিয়ন্ত্ৰণ কক্ষৰ সমীপত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিহপুৰীয়া আঞ্চলিক সমিতি আৰু খেৰাজখাট আহ্বায়ক সমিতিৰ সক্ৰিয় বিষয়ববীয়া সকলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ পুত্তলিকা দাহ কৰি ৰাজ্যৰ শিক্ষা বিভাগ আৰু ছেবাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (Protest against question paper leak in Bihpuriya) ৷

লগতে পঢ়ক : HSLC question paper leaked: অসমীয়া ভাষা শেষ কৰাৰ পৰিলল্পনা কৰিছে চৰকাৰে: ড৹ হীৰেন গোহাঁই

প্ৰতিবাদকাৰী সকলে শিক্ষা মন্ত্ৰী গৰাকীৰ লগতে ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনক তীব্ৰ ভাষাৰে সমালোচনা কৰে । অৱশ্যে বিহপুৰীয়া আৰক্ষী প্ৰতিবাদস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.