Protest against Education Minister: অসমত এতিয়া কেৱল মাত্ৰ দাহ হৈছে শিক্ষামন্ত্ৰী, ছেবাৰ অধ্যক্ষৰ প্ৰতিকৃতি

By

Published : Mar 18, 2023, 11:07 AM IST

thumbnail

ধেমাজি, 18 মাৰ্চ : পুনৰ জ্বলিল শিক্ষামন্ত্ৰী, ছেবাৰ অধ্যক্ষ আৰু নিয়ন্ত্ৰকৰ প্ৰতিকৃতি ৷ ইখনৰ পিছত সিখনকৈ পৰীক্ষা কাকত ফাদিল আৰু পৰীক্ষা বাতিল হোৱাৰ ঘটনাই অতিষ্ঠ কৰি তুলিছে ৰাজ্যবাসীক (protest against hslc paper leak) ৷ এই ঘৃণনীয় কাৰ্যৰ প্ৰতিবাদত শুকুৰবাৰে পুনৰ ৰাজ্য উত্তাল কৰি তোলে আছুৱে । বিশেষকৈ লুইত খাবলু হাইস্কুল পৰীক্ষা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া তথা শিক্ষকৰূপী প্ৰৱঞ্চকজনে অসমীয়া কাকতখনো ফাদিল হোৱাৰ কথা সদৰি কৰাৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা জনাই টুইট কৰাৰ পিছতেই হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় ৰাজ্যখনত ৷

মুখ্যমন্ত্ৰীৰ এই টুইটৰ পাছতে ছেবাই বাতিল কৰিলে ১৮ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া অসমীয়া কাকতৰ পৰীক্ষাও ৷ আশ্চৰ্যকৰ কথা যে মাতৃভাষা কাকতখনো ফাদিল হোৱাত স্তম্ভিত হৈ পৰিছে সকলো ৷ ইয়াৰ পাছতেই শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু(protest against Education Minister), ছেবাৰ অধ্যক্ষ ৰমেশ জৈন আৰু পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাৰ প্ৰতিকৃতি দাহ চলিছে সমগ্ৰ অসমতে ৷ বিশেষকৈ আটাইতকৈ বেছি চৰ্চিত ৰাজ্যৰ শিক্ষামন্ত্ৰী তথা ধেমাজি সমষ্টিৰ বিধায়ক ডাক্তৰ ৰণোজ পেগুৰ পদত্যাগৰ দাবী বৰাম্বাৰ উত্থাপন কৰি আহিছে সকলো দল-সংগঠনে (Education Minister hslc paper leak) ৷

লগতে পৰীক্ষা নিয়ন্ত্ৰক নয়ন জ্যোতি শৰ্মাৰো গ্ৰেপ্তাৰ দাবী তোলে ধেমাজি আছুৱে ৷ প্ৰতিবাদত অংশ লৈ জিলা আছুৰ উপদেষ্টা দীপক শৰ্মাই লাখ লাখ মেট্ৰিক পৰীক্ষাৰ্থী জীৱনৰ সৈতে হেতালি খেলা ছেবাক তীব্ৰ ধিক্কাৰ দি ভৰ্ৎসনা কৰে ৷ একেদৰে সদৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি কৰুণজ্যোতি চুতীয়াই কয় যে এবছৰত এটা পৰীক্ষা ভালকৈ পাতিব নোৱাৰাৰ চৰকাৰখনৰ শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু এনে এটা সন্মানীয় গাদীত বহি থকাৰ অধিকাৰ নাই ৷

সমান্তৰালকৈ ছেবাৰ অধ্যক্ষ আৰু পৰীক্ষা নিয়ন্ত্ৰক গৰাকীকো গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায় (Dhemaji aasu protest against paper leak ) ৷ প্ৰথমৰ পৰাই হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিসংগতি হৈ আহিছে বুলি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে । ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো কটাক্ষ কৰি সংগঠনটোৱে সকীয়াই দিয়ে ছাত্ৰ-ছাত্ৰী সকলক ন্যায় দিবলৈ ৷

লগতে পঢ়ক : 60 year old woman protest : মেট্ৰিকৰ দুটাকৈ পৰীক্ষা বাতিলত অতিষ্ঠ আইতা ওলাই আহিল ৰাজপথলৈ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.