HSLC exam paper leak: নামৰূপত গছত ওলমিল শিক্ষা মন্ত্ৰীৰ প্ৰতিমূৰ্তি

By

Published : Mar 18, 2023, 9:52 AM IST

thumbnail

ডিব্ৰুগড়, 18 মাৰ্চ : মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল আৰু পৰীক্ষা বাতিলে এতিয়া অসমত সাধাৰণ মানুহৰ ধৈয্যৰ সীমা চিঙি পেলাইছে (Protest against HSLC paper leak exam postponed) ৷ কাইলৈৰ দেশৰ ভৱিষ্যত যাৰ হাতত আছে সেইসকল উঠি অহা শিক্ষাৰ্থীৰ জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষাও এইখন চৰকাৰে সুকলমে অনুষ্ঠিত কৰিব নোৱাৰিলে ৷ এতিয়ালৈকে মেট্ৰিকৰ দুখনলৈ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য ৷ 

শুকুৰবাৰে শিক্ষামন্ত্ৰী ৰণোজ পেগু, ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈন আৰু পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাৰ বিৰুদ্ধে অগ্নিশৰ্মা হৈ তেওলোকৰ প্ৰতিকৃতিৰ শ্মশান যাত্ৰাৰে মৰাণত আছুৱে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে (AASU protest regarding hslc paper leak) ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে মৰাণত আছুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । মৰাণ আঞ্চলিক ছাত্ৰ সন্থাই শুকুৰবাৰে শিক্ষা মন্ত্ৰী ৰণোজ পেগু, ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈন আৰু পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাৰ প্ৰতিকৃতি লৈ শ্মশান যাত্ৰা কৰি বিক্ষোভ প্ৰদৰ্শন কৰে ।

মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা উলিওৱা এই বিক্ষোভ কাৰ্যসূচীত ছাত্ৰ সন্থাৰ বিষয়ববীয়াই শিক্ষামন্ত্ৰী ৰণোজ পেগু (Education Minister Ranoj Pegu), ছেবাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনক পদত্যাগ কৰিবলৈ দাবী উত্থাপন কৰাৰ লগতে পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাক গ্ৰেপ্তাৰৰ দাবী জনায় । সমান্তৰালকৈ শিক্ষা বিভাগ তথা ছেবাই পৰীক্ষা নিয়ন্ত্ৰণত ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন কৰি শিক্ষামন্ত্ৰী ৰণোজ পেগু এজন অপদাৰ্থ অকৰ্মণ্য মন্ত্ৰী বুলিও মন্তব্য কৰে ।

আনহাতে চৰকাৰ তথা ছেবাৰ হেমাহিয়ে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ লগত খেলা কৰাৰ বাবে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, ছেবাৰ অধ্যক্ষ আৰু পৰীক্ষা নিয়ন্ত্ৰকৰ প্ৰতিমূৰ্তি নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই নামৰূপৰ সোণাৰি তিনিআলিত অৱস্থিত এজোপা গছত ফাঁ‌চিকাঠত ওলমোৱাৰ বিপৰীতে নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাই নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত ৰাজপথত তিনিওৰে প্ৰতিমূৰ্তি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰায় অৰ্ধ শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰি এই প্ৰতিবাদত মুখ্যমন্ত্ৰী হায় হায়, বিজেপি গ' বেক, শিক্ষামন্ত্ৰীয়ে গাদী এৰক, মেট্ৰিক সুকলমে পাতিব নোৱাৰা বিজেপি চৰকাৰৰ কাম নাই ইত্যাদি বিভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে নাহৰকটীয়া আৰু নামৰূপৰ ৰাজপথ (Protest across Assam over HSLC paper leak) ।

লগতে পঢ়ক : HSLC exam paper leak: প্ৰণৱ দত্তৰ বাবেই কলংকিত হ’ল কুমুদ ৰাজখোৱা; আত্মীয়ৰ অভিযোগ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.