ষঠ পূজাৰ পুৱাই নদীত গা ধুবলৈ গৈ যুৱকৰ অকাল মৃত্যু
Published: Nov 20, 2023, 10:35 AM
মৰাণ, 20 নৱেম্বৰ : ৰাজ্যজুৰি ষঠ পূজাৰ আনন্দ উল্লাস অব্যাহত থকাৰ মাজতেই ডিব্ৰুগড় লাহোৱালৰ চেচাঁ নদীত সোমবাৰে পুৱাই অঘটন । চেচাঁ নদীত পুৱাই গা ধুবলৈ যোৱাৰ পাচতে নৈত সলিল সমাধি এজন যুৱকৰ। ষঠ পূজাৰ উৎসাহ উদ্দীপনা চলি থকাৰ মাজতে এই কৰুণ ঘটনা সংঘটিত হোৱা পিচতেই স্থানীয় লোকে ততালিকে এছ ডি আৰ এফক অৱগত কৰে ৷ লগে লগে ঘটনাস্থলীত SDRF আৰু লাহোৱাল আৰক্ষীৰ সহযোগত নৈৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যুৱকজনৰ মৃতদেহ।
যুৱকজন লাহোৱালৰ তামোলবাৰী চাহ বাগিচাৰ বিষ্ণু গড় (22) বুলি জানিব পৰা গৈছে। এই ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ৷ লক্ষণীয় যে, লাহোৱালৰ চেঁচা নদীত ষঠ পূজাৰ উপলক্ষে বহুতো ভক্তই কাহিলি পুৱাৰ পৰা ভিৰ কৰিছেহি ৷
লগতে পঢ়ক: ব্ৰহ্মপুত্ৰৰ বালিচৰত উদ্ধাৰ অচিনাক্ত মৃতদেহ
Loading...