মাজুলী মহাবিদ্যালয় খেলপথাৰত ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী

By ETV Bharat Assamese Desk

Published : Jan 18, 2024, 8:10 PM IST

thumbnail

মাজুলী, 18 জানুৱাৰী : আজি মাজুলী মহাবিদ্যালয় খেলপথাৰত জিলাখনৰ বিভিন্ন প্ৰান্তৰ 10,300 গৰাকী হিতাধিকাৰীক ৰেচন কাৰ্ড বিতৰণ কৰা হয় ৷ এই ৰেচন কার্ড বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে ৷

ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী অংশগ্ৰহণ কৰি ডাঃ নোমল মমিনে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে ৷ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি নোমল মমিনে কয় যে, ভাৰতীয় জনতা পাৰ্টী দলে অন্যায় হোৱা মানুহক ন্যায় প্ৰদান কৰিছে, যিটো এটা চকু চৰহা দলে সহ্য কৰিব পৰা নাই ৷ যাৰ বাবে সেই দলটোৱে এটা ভুৱা যাত্ৰা আৰম্ভ কৰিছে ৷ কংগ্ৰেছ দলক সমালোচনা কৰি কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক অন্যায় যাত্ৰা বুলি কাটাক্ষ কৰে ডাঃ নোমল মমিনে ৷ 

লগতে পঢ়ক : নলবাৰীত ৯১৮৬ টা পৰিয়ালক নতুন ৰেচন কাৰ্ড প্ৰদান

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.