SI Junmoni Rabha death case: জোনমণি ৰাভাৰ মৃত্যুৰ সঠিক তদন্ত কৰিবলৈ মিঞা অসমীয়া পৰিষদৰ দাবী

By

Published : May 21, 2023, 4:44 PM IST

thumbnail

ধিং, 21 মে’ : নগাঁও জিলাৰ মৰিকলং থানাৰ আৰক্ষী উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৱে ৰাজ্যজুৰি তোলপাৰ লগাই আছে (SI Junmoni Rabha death case) ৷ ইয়াৰ পিচতে যোৱা 20 মে’ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এক সংবাদমেলৰ যোগেদি এই ঘটনাৰ তদন্ত CBI ক দায়িত্ব অৰ্পন কৰাৰ কথা প্ৰকাশ কৰিছিল (Miya Axomiya Parishad demands proper probe) ৷  

ইয়াৰ পিচতে শনিবাৰে মিঞা অসমীয়া পৰিষদে জোনমনি ৰাভাৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি আৰক্ষীৰ এই সিদ্ধান্তক স্বাগতম জনায় ৷ লগতে আৰক্ষী বিষয়াগৰাকীৰ বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰি মৈৰাবাৰী টাউনত বন্তি প্ৰজ্বলন অনুষ্ঠানৰ আয়োজন কৰে মিঞা অসমীয়া পৰিষদৰ বিষয়ববীয়াসকলে ( Probe into Jonmani Rabha death)৷ 

ইফালে চিবিআইৰ তদন্তৰ পাচত তাৰ যাৱতীয় ৰিপোৰ্ট ৰাজহুৱা কৰিবলৈ মিঞা অসমীয়া পৰিষদে দাবী উত্থাপন কৰিছে ৷ ইয়াৰোপৰি জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ উচিত তদন্ত কৰি দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে ৷  

লগতে পঢ়ক: Sec 144 imposed in Ghy: গুৱাহাটীত 144 ধাৰা জাৰি; 5 জনতকৈ অধিক লোক সমবেত হোৱাত নিষেধাজ্ঞা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.