মণ্ডল বিজেপিৰ কাৰ্যালয় উদ্বোধনেৰে চৰাইদেউত দলক শক্তিশালী কৰাৰ চেষ্টা মন্ত্ৰী পীযুষৰ
Published: Nov 21, 2023, 4:38 PM
ডিব্ৰুগড়, 21 নৱেম্বৰ: 2024 চনত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিবাৰ্চনক লৈ ব্যপক তৎপৰ হৈছে শাসকীয় দল বিজেপি । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেশৰ পাঁচ ৰাজ্যৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আছে যদিও অসমৰ কেইবাজনো মন্ত্ৰী ৰাজ্যৰ বিভিন্ন সমষ্টিত ব্যস্ত হৈছে সাংগঠনিক কাম-কাজত । উজনিত বাহৰ পাতি সমষ্টিয়ে সমষ্টিয়ে চৰকাৰী আঁচনিৰ আধাৰশিলা স্থাপনৰ লগতে সাংগঠনিক সভাত অংশগ্ৰহণ কৰিছে মন্ত্ৰী পীযুষ হাজৰীকাই । সোমবাৰে শিৱসাগৰত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পিচত মঙলবাৰে চৰাইদেউ জিলাৰ সোণাৰিত উপস্থিত হয় মন্ত্ৰী হাজৰীকা ।
যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰক লগত লৈ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত সোণাৰি সমষ্টিৰ দুটাকৈ মণ্ডলৰ কাৰ্যালয়ৰ শুভ উদ্বোধন কৰিলে মন্ত্ৰী পীযুষ হাজৰীকাই । ভাৰতীয় জনতা পাৰ্টীৰ সোণাৰি আৰু সাপেখাটী মণ্ডলৰ নৱ-নিৰ্মিত কাৰ্যালয় মুকলি কৰাৰ লগতে সোণাৰিৰ 8 নং ৱাৰ্ডত নৱ-নিৰ্মিত ড৹ বি আৰ আম্বেদকাৰ ভৱনৰো শুভ উদ্বোধন কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ।
উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী যোগেন মহন, সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ চৰাইদেউ জিলা বিজেপিৰ শীৰ্ষ নেতা-কৰ্মীসকল উপস্থিত থাকে । এই অনুষ্ঠানতে মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে বিজেপিৰ স্থিতি সোণাৰি সমষ্টিত অতি ভাল । পূৰ্বতকৈ সাংগঠনিক কাম-কাজ ভাল হৈছে । অহা লোকসভা নিৰ্বাচনত সোণাৰি সমষ্টিৰ পৰা 50 হাজাৰৰো অধিক ভোট লাভ কৰিব বিজেপি প্ৰাৰ্থীজনে ।
লগতে পঢ়ক: কংগ্ৰেছে কেৱল সংখ্যালঘু অধ্যুষিত এটা লোকসভা সমষ্টিত জয় লাভ কৰিব : পীযুষ হাজৰীকা