Women missing : বন্ধুৰ ঘৰলৈ গৈ নিৰুদ্দেশ বোৱাৰী
Published: Mar 19, 2023, 9:05 PM

জনিয়া, 19 মাৰ্চ: বৰপেটা জিলাৰ কলগাছিয়াত অঘটন ৷ বন্ধুৰ ঘৰলৈ গৈ নিৰুদ্দেশ হ’ল এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত বোৱাৰী (Women Missing case) ৷ বৰপেটা জিলাৰ কলগাছিয়া থানাৰ অন্তৰ্গত বলাইপাথাৰ গাঁৱৰ মৃত খন্দঃ হবিবৰ ৰহমানৰ কন্যা তথা বৰপেটা জিলাৰ মন্দিয়াৰ জইন উদ্দিনৰ পত্নী খন্দঃ হাফিজা খাতুন (34) নিৰুদ্দেশ হৈ আছে (Mental disorder women missing) ৷ জানিব পৰা মতে দেওবাৰে পুৱা প্ৰায় 6 বজাত হাফিজাই সমনীয়া বন্ধু চিকিৎসক ফেৰদ্বাউছৰ ঘৰলৈ গৈছিল ৷ তাৰ পিচৰে পৰাই শুংসূত্ৰ নাই হাফিজাৰ ৷
ইতিমধ্যে হাফিজাৰ স্বামীগৃহৰ পৰিয়ালৰ লগতে বহু আত্মীয়ই বিভিন্ন ঠাইত হাফিজাক বিচাৰি সোধাপোছা কৰে যদিও এই পৰ্যন্ত হাফিজাক বিচাৰি উলিয়াবলৈ পৰা নাই ৷ তাৰ পিচতে পৰিয়ালটোত কান্দোনৰ ৰোল উঠে ৷ বিচাৰি কোনো শুংসূত্ৰ লাভ কৰিব পৰা নাই । পৰিয়ালৰ লোকে জনোৱা অনুসৰি হাফিজাৰ দুটা সন্তান আছে ৷
যদি কোনো সদাশয় ব্যক্তিয়ে মানসিকভাৱে বিকাৰগ্ৰস্ত খন্দঃ হাফিজা নামৰ মহিলাগৰাকীৰ কোনো সম্ভেদ পায় তেনেহ'লে ততালিকে স্থানীয় আৰক্ষী থানা অথবা এই 9954636789 ফোন নম্বৰত যোগাযোগ কৰি পৰিয়ালক জনাবলৈ আহ্বান জনায় দুৰ্ভগীয়া পৰিয়ালটোৱে ৷
লগতে পঢ়ক: Crusher Machine Seal in Majbat:ৰৌতাত উৎখাত কাঠফলা কল