Mass wedding ceremony in Dibrugarh: টিংখাঙত 201 যোৰা দৰা-কইনা বহিল একেখন মণ্ডপত

By

Published : Mar 14, 2023, 10:30 AM IST

thumbnail

ডিব্ৰুগড়, 14 মাৰ্চ : টিংখাঙত এখন বিশাল বিবাহৰ আয়োজন কৰা হয় ৷ এইখন বিবাহত 201 যোৰা দৰা-কইনাই একেখন মণ্ডপৰ তলতে হোমৰ গুৰিত বহে (Mass wedding ceremony in Dibrugarh) ৷ বিশেষ বিয়াখনলৈ বুলি ঢাপলি মেলিলে হাজাৰ হাজাৰ লোকে ৷

কাৰোবাৰ যদি সংসাৰ কৰা 21 বছৰ হৈছে আন কাৰোবাৰ আকৌ 15 বছৰ অতিক্ৰম হ'ল । কোনো কোনো দম্পতীৰ আকৌ ল'ৰা ছোৱালীও ডেকা-গাভৰু হ’ল । সোমবাৰে পুনৰ দৰা-কইনাৰ সাঁজেৰে হোমৰ গুৰিত বহিল এনে বহু আদহীয়া দম্পতী ।

ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ডিৰাইত অনুষ্ঠিত হোৱা এই সমূহীয়া বিবাহখনে যথেষ্ট চৰ্চা লাভ কৰে (Tingkhong mass wedding) । কাৰণ এই বিয়াখনত কেৱল এযোৰা দৰা-কইনা নাছিল, আছিল 201 যোৰা দৰা-কইনা ৷  দৰা-কইনাক আৰ্শীবাদ দিবলৈ বিবাহ মণ্ডপত উপস্থিত থাকিল হাজাৰ-হাজাৰ ৰাইজ ।

আচলতে সোমবাৰে টিংখাঙৰ ডিৰাইত অনুষ্ঠিত হয় এখন সামূহিক বিবাহ । টিংখাঙৰ ডিৰাই চাহ বাগিছাৰ দুৰ্গা মন্দিৰ প্ৰাংগনত ডিব্ৰুগড় জিলা বিবাহ সংস্কাৰ সমিতিৰ উদ্যোগত আৰু দ্য হান্স ফাউণ্ডেশ্যনৰ সহযোগত সামূহিক বিবাহ সংস্কাৰ অনুষ্ঠান অনুষ্ঠিত হয় । এই বিশেষ বিবাহ অনুষ্ঠানত বহু ৰাইজ উপস্থিত থাকি দৰা-কইনাক আশীৰ্বাদ প্ৰদান কৰে । ইফালে বয়সে ভটিয়ালে যদিও দৰা-কইনাৰ সাজত বিবাহ মণ্ডপত বহিবলৈ পাই যথেষ্ট আনন্দ প্ৰকাশ কৰে দৰা-কইনা সকলে ।

লগতে পঢ়ক : HSLC question paper leaked: অসমীয়া ভাষা শেষ কৰাৰ পৰিলল্পনা কৰিছে চৰকাৰে: ড৹ হীৰেন গোহাঁই

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.