Free Caliper camp : মাৰোৱাৰী যুৱ মঞ্চৰ উদ্যোগত বিনামূলীয়া কৃত্ৰিম অংগ আৰু কেলিপাৰ শিবিৰৰ আয়োজন - মাৰোৱাৰী যুৱ মঞ্চ

🎬 Watch Now: Feature Video

thumbnail
মাৰোৱাৰী যুৱ মঞ্চৰ বিশেষ উদ্যোগ (undefined)

By ETV Bharat Assamese Team

Published : September 23, 2023 at 5:21 PM IST

Choose ETV Bharat

গুৱাহাটী, ২৩ ছেপ্টেম্বৰ : মাৰোৱাৰী যুৱ মঞ্চ গুৱাহাটী গ্ৰেটাৰ আৰু গুৱাহাটী সমৃদ্ধিৰ উদ্যোগত বিনামূলীয়া কৃত্ৰিম অংগ আৰু কেলিপাৰ শিবিৰৰ আয়োজন কৰা হৈছে ৷ ৩০ ছেপ্টেম্বৰ আৰু ১, ২ অক্টোবৰত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজিত এই শিবিৰত দুশতকৈ অধিক কৃত্ৰিম ভৰি, হাত প্ৰদান কৰাৰ লক্ষ্য লৈছে ৷

মহানগৰৰ নাৰায়ণ নগৰ হাৰিয়ানা ভৱনত আয়োজন কৰা এই শিবিৰত যিসকল লোকক কৃত্ৰিম হাত, ভৰিৰ প্ৰয়োজন তেওঁলোকে ৭০০২৮১১৮৫৩ আৰু ৯৭০৬৩৫৯৫২০ যোগাযোগ কৰিব পাৰিব বুলি জানিবলৈ দিছে উদ্যোক্তা সকলে ৷ যুৱ মঞ্চৰ শিলিগুৰিত থকা চেন্টাৰত এই কৃত্ৰিম হাত-ভৰি প্ৰস্তুত কৰা হৈছে তাৰ পৰা চিকিৎসক আহি শিবিৰত সেৱা আগবঢ়াব ৷

চলিত বৰ্ষত যোৰহাট , মাজুলী , চিলাপথাৰ , নগাঁৱত মুঠ ৪ টা শিবিৰ ইতিমধ্যে সম্পন্ন হৈছে ৷ এই চাৰিটা শিবিৰত প্ৰায় তিনি শতাধিক লোকক কৃত্ৰিম হাত-ভৰি প্ৰদান কৰা হৈছে ৷ যিসকল লোক এই শিবিৰলৈ আহিবলৈ আগ্ৰহী, কিন্তু অৰ্থনৈতিক সামৰ্থ্য নাই সেইসকল লোকে যুৱ মঞ্চৰ সৈতে যোগাযোগ কৰিলে বিনামূলীয়ালৈ অহা-যোৱাৰ ব্যৱস্থা কৰি দিয়া হ’ব বুলিও জানিবলৈ দিয়ে বিষয়ববীয়াসকলে ৷ 

লগতে পঢ়ক : Indian Railway Special Trains : উৎসৱৰ বতৰত বিশেষ ৰেলৰ ব্যৱস্থা ভাৰতীয় ৰেলৱেৰ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details